এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৫৪]
অভাগাৰ ঘৰ ক্ষেত্ৰি অঞ্চলত। নাম নাহিৰাম। উপজিবৰে পৰা ঘৰৰ চুকতে বুঢ়া হলো। গাওঁৰ নিচেই নিঃকিন অৱস্থাৰো কেতবিলাক মানুহ উজ- নিলৈ গৈ যথোচিত ধন সোন আৰ্জ্জি লৈ জীৱনৰ বাকী চোৱা কাল হেলাৰঙ্গে কটাব লাগিছে। তেওঁলোকৰ ভাগ্য আকাশত সুখৰবিৰ উদয় দেখি চকুত পেক লাগিলত এবাৰ ভাগ্য পৰীক্ষা কৰি চাবলৈ মোৰো মন লৰিল। গতিকে, নানা কল্পনা-জল্পনা মনত সাজি এগৰাকী প্ৰাণসম বন্ধুৰে সৈতে ঘৰৰ বাজ হলো। কি কুক্ষণত ওলাইছিলো, কৰ নোৱাৰোঁ, বাটতে বিধি পথালি দিলে। আমালোক দুদিন নিৰাহাৰে থকা বাবে, মই মোৰ প্ৰিয়তম বন্ধুক বননিতে বনবকুল এডালিৰ তলত বহুৱাই থৈ কিবা ফল-মূল পাম বুলি প্ৰকাণ্ড বন নিৰ আন এফাললৈ গলোঁ। তেওঁও খোৱাৰ আশাতে বহি পৰিল। কিন্তু শুনিলে দুখ লাগিব, অভাগাই ফল-মূল বিচাৰোঁতে কাল ৰাতি আহিল। মইও প্ৰাণ বন্ধুৰ লগ লোৱাৰ আশাৰে অনাই- নাই বহুত ঘুৰিলোঁ। কিন্তু বিধিৰ কি বিপাক—