এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[৫৩]
আবৰি পেলাইছে। আচলতে তই এনে কিবা মহা চিন্তাত পৰিছ, যি চিন্তা-কুঠাৰে তোক চিৰা-চিৰ কৰি পেলাইছে।”
ভট্টাচাৰ্যৰ কথা শুনি ডেকাই খীণ স্বৰেৰে মাত লগালে, “ধৰমৰ পিতৃ! আজি তিনি দিন হ'ল মোৰ পেটলৈ অন্নৰ লেশ মাত্ৰও যোৱা নাই। আগেয়ে এমুঠি খাব দিয়ক; নৰকৰ কীটৰ দুখৰ ভাগ লবলৈ যদি ইচ্ছা কৰে, অভাগাৰ পাপ-কাহিনী পিচত কৈ থাকিম।”
যুবকৰ কথা শুনি দয়ালু ভট্টাচাৰ্যৰ অন্তৰত দুখ লাগিল। তেওঁ ততালিকে যুবকক ঘৰৰ ভিতৰলৈ লৈ গল আৰু এখন্তেকৰ ভিতৰতে খুৱাই-ধুৱাই আনি কৌতুহল চৰিতাৰ্থ কৰিবৰ মনেৰে ওচৰত বহুৱালে।
ভট্টাচাৰ্য্যৰ লৰাকালৰে পৰা এটি স্বাভাবিক অভ্যাস আছিল—তেওঁ যেই সেই ঘটনাৰে আহ-উহ নোলোৱাকৈ নেৰে। সেই অভ্যাসৰ বলত বলীয়ান হৈ তেওঁ দুনাই সুধিলত, ডেকাই তেওঁৰ দুখৰ কাহিনী বিবৰিবলৈ আৰম্ভ কৰিলে,—“দেউতা!