সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৫৫] তেওঁৰ সাক্ষাৎ এই হতভাগাৰ পক্ষে নিশাৰ সপো- নৰ দৰে অসাৰ হ’ল। গোটেই ৰাতিটো ধৰি, কত ঘুৰিলো, কিমান দৌৰিলো, কিন্তু পৰিণামত তেওঁৰ সাক্ষাৎ পোৱা আশাটি বাওনাৰ স্বৰগ ঢুকি পোৱা আশাতকৈ গধূৰ হ’ল। মোৰ অবিহনে তেওঁৰ কি অৱস্থা, তাক পৰম পুৰুষেহে জানে। তেওঁৰ বত্ত মানত মোৰ এনে দুৰৱস্থা নঘটিলহেতেন। এনেতে হঠাৎ যুবকৰ চকুলো সৰ সৰ, কৈ বব ধৰিলে। তাৰ পিছত আকৌ কব ধৰিলে, ‘আমো নেপালো, ফৰমুটিও ৰলে।।” এনে অৱস্থাত মই কলৈ যাওঁ, কি কৰোঁ, ক’ত তেওঁক লগ পাওঁ ইত্যাদি ভাবি চিন্তি বিবুধিত পৰিলে।। ইপিনে ঘৰলৈ উভটিব লাগিলেও লাজৰ কথা। গতিকে আগৰ মানসিক লক্ষ্যটিকে ঠিৰাং কৰি নগাওঁত ওলালোগৈ। | কিন্তু কৈ, “ঘৰে পৰি জঞ্জাল, বাহিৰত মোৰ দুখ, কবিৰাই কয় মোৰ কতত নাই মুখ * তাতে নানা কাৰণে তিষ্ঠিব নোৱাৰি দুনাই উভটি আহি আজি দুবছৰৰ মুৰত এইখিনি পালেহি। মোৰ