পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৫২} চৰিত্ৰত নিৰ্ম্মল হোৱা বাবে গাওঁৰ কোনো মানুহেই তেওঁৰ অপযশ ৰটিবৰ সুযোগ নেপায়। মানুহৰ সুখ-দুখ, সম্পদ-বিপদ আপদ-অথন্তৰ বুজা বাৰে ডাঙ্গৰ গছ বুলি আটাইয়ে তেওঁত আশ্ৰয় খোজ। আজি কেবাদিনো হ’ল, চাকৰ দুজন ওলাই যাবৰ পৰা এইবেলি তেওঁৰ খেতি-বাতিৰ বৰ লোকচান। সিদিনাখন কোনোবা ফালৰপৰা চাকৰ বিচাৰি আহি সে। হাতত জাৰিটি, কান্ধত গামোছা খনি আৰু খৰম জুৰি বাওঁ হাতত লৈ পদূলি মুখ ওলাইছে মাত্ৰ, এনেতে এটি ২৪ বছৰ মান বয়সৰ ডেকা তেওঁৰ চকুত পৰিল। ডেকাৰ মুখ মণ্ডলৰ বিবৰ্ণতা, দেহৰ বিবশ অৱস্থা আৰু দিম নিদিমকৈ খোজ দিয়া হাথনিৰ পৰা তেওঁৰ গাত যে দুখ-হাতুৰিৰ কোব নাইবা চিন্তা- ৰেপ্তাৰ গোচৰণি লাগিছিল, তাক আনৰ মনবুজা মেম্বৰৰ বুজিবৰ বাকী নেথাকিল। তেওঁ ততালিকে গহীনাই মাত লগালে, “বোপা! তই ক’ত থাক? তোৰ আকৃতি প্ৰকৃতিৰ পৰা অনুমান হৈছে যে তোৰ বিমল মানস সৰোবৰক যেন বিষাদ পোনাই