পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৪৯] তেওঁৰ চকু মুদিবৰ এঘণ্টা হও নহওতে কোনোবাই যেন চিঞৰি চিঞৰি কব ধৰিলে, “লীলা! প্ৰাণলৈ যদি তোমাৰ অকণমানো মমতা থাকে, যতি তোমাৰ ইহজীৱনৰ আশা ভৰষা আতৰা নাই, তেন্তে তুৰন্তে উঠা! তোমাৰ চকুৰ আগতে বিপদ সমুদ্ৰ। জিৰণিৰ সময় বহুত পাবা! যোৱা, যোৱা, পলাই পতং মাৰা। | এই কথা কেষাৰি কাণত পৰা মাত্ৰকে লীলাই উচপ খাই সাৰ পালে। হঠাৎ তেওঁৰ অঙ্গ প্ৰত্যঙ্গ বোৰ থৰ থৰ কৰি কপি উঠিল। নোমবোৰ কটলা পহুৰ কাইট হেন হ'ল। ইমানতে নহয় মাইকী হৰিণ এটিৰ তেজ পিবলৈ ধৰা নিচেই ওচ; ৰলৈ অহা নাহৰ ফুটকী বাঘ এটিৰ টক্ টক্ কৈ জ্বল চকু দুটিৰ ভীষণ তিৰবিৰণিয়ে যেতিয়া বিদ্যুত মালাৰ দৰে তেওঁৰ চকুৰ গতি ৰোধ কৰিলে, 'তেওঁ এটি মাটিৰ পুতলাৰ দৰে থিয় হৈ ৰল। কিন্তু কৰুণাময়ৰ অপাৰ কৰুণা গুণে হঠাৎ সেই সপোন টি তেওঁৰ মনত পৰিল। আৰু ততালিকে পিছৰ পিনে লব, দিলে। কিন্তু কতা! কপালৰ গাথি