পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৪৮ ] অবিৰাম কান্দোনৰ ভাগৰতে তেওঁ ঘনাই ঘনাই হামিয়াব ধৰিলে। আকৌ যেতিয়া তেওঁ বুজিব পাৰিলে যে ইমানতো শান্তিময়ী নিদ্ৰাদেবীয়ে অভা- গিনীক, পাহৰিব পাৰা নাই, তেওঁ ওচৰতে হালি থকা বনবকুল জুপিতে আউল-বাউল হোৱা চুৰি ৰটি থলে। তেওঁ এফলীয়াহৈ হেলনি দিয়া বাবে, আবেগতে ওলোৱা চকুলো কেধাৰিয়ে, তেওঁৰ গালেৰে মুকু- তাৰ ধাৰ বোৱাদি বৈ, তেওঁৰ আশ্ৰয় দাতা গছক অচ্চনা কৰিলে। বকুল ডালিয়েও যেন দানব প্ৰতিদান স্বৰূপে মৰমতে তেওঁক সাবটি ধৰিলে। সূৰ্য্যদেৱৰ মেলানিৰ লগে লগে লাজুকী লতা তেনেই জয় পৰি যোৱাৰ দৰে, নিদ্ৰাদেবীৰ কোলাত আশ্ৰয় লোৱা মাত্ৰকে তেওঁৰ গাত তত, নোৱো হ'ল। তেওঁৰ এনে অৱস্থাৰ পৰা তেওঁ শান্তিময়ী নিদ্ৰা- দেবীৰ অনুগ্ৰহত এফেৰি শান্তি লভিব পাৰিব বুলি আশা হৈছিল। কিন্তু হায়, তেওঁৰ সেই শান্তি ক’ত? কৰুণাময়ে কৃপাচকুৰে নেচালে কোনোবাই শান্তি শান্তি কৰি উটি বুৰি ফুৰিলে শান্তি পায়নে?