এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৫০ ]
যে মুকলি হোৱা নাই। তেওঁ বাঘৰ হাতৰ পৰা সাৰি যোৱা পাছৰ কথা লৰৰ কোবতে এটি কাইট- ময় গড়খায়ৈত পৰি ককাললৈকে পোত গল। বাকী যি খিনি আছিল, তাকো লতা পতা বোৰে মেৰাই ধৰি নেদেখা কৰিলে। এইটো তেওঁৰ প্ৰতি অনুগ্ৰহ নে নিগ্ৰহ তাক নেদেখা জনেহে জানে।
মহ ডাহবোৰৰ কামোৰণিত তেওঁৰ শৰীৰ বিবৰ্ণ হ'ল। বাঘআচৰাৰ আচৰণিত তেওঁৰ কুসুম প্ৰায় কোমল শৰীৰ তেজৰে ৰঙা হ'ল। অব্যাহতি পোৱাৰ আশাৰে মৰি মৰজাহ দি লাগি গল, কিন্তু সকলে পৰিশ্ৰম বিফল হ’ল, সকলো আয়াস উৰি গল। কেৱল বিপদ ৰাহুৱে ক্ৰমশঃ গিলি পেলাব ধৰিলে। অতিপাত চট্ ফটনিৰ কোবত তেওঁ ককালৰ মেখলা খনিৰ পৰাও বঞ্চিত হ’ল।
লীলাৰ জীৱনত তিনি সাজৰ এসাজো কম নহৈছিল। এনে স্থলত আজি দুদিন তেওঁ এটি খুদ-কণও ভিতৰ কৰিব পোৱা নাই। এই কষ্ট- টিয়েও সময়ত আয়ুৰ লগত বায়ু সহায় হোৱাৰ