পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৪৭] তিয়াগিব লাগিছে। অইন কি তেওঁৰ নকৰুণ প্ৰতিধ্বনি নীলাকাণত প্ৰবেশ কৰাত, নীলাকাশেও নীল বৰণীয়া মুখ খনি কুলিৰ কৰি হেন কলা কৰি বৰষুণ স্বৰূপ চকুলো-টুকিব ধৰিলে। আকৌ গহীন গম্ভীৰ গৰজনি স্বৰূপ স্বৰেৰে যেন যুতীক কব ধৰিলে, “যুবতী! কাৰ ভাগত সকলো দিন সমানে নেয়, কাৰৰ জীৱনত সদায় শুৰু পক্ষ নেথাকে। গগন বিহাৰী চন্দ্ৰ সূৰুকে। এদিন কাল ৰাহুৱে গ্ৰাস কৰে। এনে সুলত তুমি আমি কোন চাৰ? ধৈৰ্য্য ধৰা, দুখৰ যৱনিকা পতনৰ পিছতেই যে সুখবি উদয় হব, সি লগা বন্ধ। কথা। কাৰণ তাৰ ওলোটাটোহে যদি ঘটে তেন্তে “চক্ৰৰ পৰিবৰ্ত্তন্তে সুখনিচ দুঃখানিচ” কথা আষা- ৰিৰ নো মূল্য কি থাকি? কিন্তু হায়, প্ৰকৃতিৰ এবোধ সূচক অক্ষুট বাণীয়েও তেওঁৰ মনৰ গতিৰ সাল-সলনি কৰিব নোৱাৰিলে। লৰাৰ কান্দোনেই সম্বলৰ নিচিনা তেওঁৰো উপায় অন্তৰ বিহীণ এই বিপন্ন অৱস্থাত কান্দোনেই জীৱনৰ লগা ভগ। সাৰথি হ'ল।