[ ৪৫]
সপি দিছে, তেনে জনৰ প্ৰতিও তুমি এনে নিৰ্দয়। হায়, তুমি নাৰী বধৰ দায়ীত্ব খিনিও তেনেই ভূলি গল।” এই কথা কেষাৰি কোৱাৰ পাছতেই অলপ এখন্তেকৰ নিমিত্তে যুবতী নিৰৱ হ'ল। কিন্তু পাছৰ মুহূৰ্ততেই তেওঁ সেই নিৰৱৰ নি” টিক নষ্ট কৰিলে। তেওঁ দুনাই আপোনা-আপুনি কব ধৰিলে, “হায়, মোৰ কি মতিভ্ৰম। এই খিনি- তেই, এই সামান্য বিপদতেই, উতলা হৈ সোণক কাচত পৰিণত কৰিলোঁ, অমৃতক বিষ বুলি ভাবিলো” (অলপ ৰৈ) ‘তেনে কেতিয়াও হব নোৱাৰে’। কাৰ নিমিত্তে কোন অভাগিনীৰ বাবে চেনেহী জনমভূমি পৰিত্যাগ কৰি নিৰ্জ্জন বননিত আশ্ৰয় ললে? অকল মোৰ নিমিত্তেই নহয়নে? যদি সেয়ে হয়, তেন্তে শৰতৰ লাহৰি চন্দ্ৰমাৰ শীতল পোহৰ; মোৰ মনত বিদুৎমালাৰ তিৰবিৰ- নিত পৰিণত কি হল? যদি প্ৰকৃত মানবী হওঁ, সেই আত্মাৰ লগা-ভগা ছবি খনিত কেতিয়াও কলঙ্ক কালিমা নেপেলাম, কোনেও পেলাব খুজিলেও প্ৰাণে সহ্য নকৰিব। উঃ ভগবান! মোৰ নিমিত্তে,