পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৪০] ইয়াকে কৈ লাবন্য ঘৰৰ পিনে উভতিল। লীলাইও মালাধাৰি গাথি তেওঁৰ হতনি বাকচটিত ভৰাই থৈ তেওঁলোকৰ চোতালখনি সাৰিব ধৰিলে। বেলি মাৰ গ'ল, লাহে লাহে সন্ধিয়া দেখা দিলেহি। সময়ৰ গতি নিক্ষিপ্ত কড়াৰ নিচিনা। এদিন দুদিনকৈ আজি জেঠৰ এপষ অতীত হ'ল। ললিতে এগৰাকী সুবিজ্ঞ দৈবজ্ঞৰ হতুৱাই বিবাহৰ দিন নিৰ্ধা- বিত কৰিলে। দিন হল জেঠৰ ২৫ তাৰিখ শুক্লা দ্বিতীয়াৰ দিনান। বিয়ালৈকে পাচ ছয় দিন মান থকাৰ পৰাই ললিৰ গাত তত নহোৱা হ'ল। কেনেকৈ বিয়া খনি সমাৰহেৰে অতিবাহিত হয়, তাৰ বাবেই তেওঁ মৰিমৰজাই দি আটিব লাগিছে। মাছ গাখীৰৰ জৰা মাৰিলে। বিয়াৰ কিবাকিবি বই-বস্তু ঘাত জমা কৰিলে। | লীলাহঁতৰ ঘৰত আনন্দৰ কোল শুনা গল। দূৰণিৰ মিতিৰ কুটুমবোৰে লীলাৰ বিয়া চাবলৈ উল-পাচল উলহ-মালহকে লাহিল। সকলোৰে