পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


(৪১) মুখৰ পৰা “লীলাৰ বিয়া আনন্দে নধৰে হিয়া” ইত্যাদি জয় জয়াকাৰ বানী ওলাই চাৰিও ফাল লক লগাই দিলে। আয়তী সকলৰ গীত জোকাৰে আমনি লগোৱাৰ উপক্ৰম কৰিলে। কিন্তু এই সুখৰ নিজৰাত বিষাদৰ জাজি বজিল। পিছ দিনা খন ৰাতিপুৱালত শুনা গল, লীলা হেনো নিৰুদ্দেশ। “কলৈ গল, কি কৰিলে, শতুৰৰ বুকুৰ পৰিল” ইত্যাদি বিষাদময় কথাই সকলোৰে কাণ ভেদিলে। বিয়াৰ আনন্দময় ৰোল তেনেই মাৰ গৈ বিষাদৰ বিননি বাজি উঠিল। ললিতৰ মনৰ হেপাহ মনতে লয় হ’ল; সকলো আশা-ভৰষা উদয়তে অস্ত গ’ল। মাকৰ মূৰত আকাশী স্বৰগ ভাগি পৰিল। যাক আজি যোল বছৰে বুকুত বান্ধি ডাঙ্গৰ-দীঘল কৰিছিল, সেই হিয়াৰ মণি আজি নিৰুদ্দেশ। ইয়াত কৈ আৰু কিবা দুখ বিষাদৰ কথা আছেনে? অলপ এন্তেকৰ পিছতে শুনা গল, লাবন্যও হেনো যত নাই। তেতিয়া আৰু বুজিবৰ ৰাকী নেথাকিল। নানা ভাবুকে নানা কথা ভাৰিলে।