[ ৩৩]
তাৰ উপৰিও এনে দৰা সতকাই পোৱা টান।
অথচ মানুহ ঘৰো কুটুম্বৰ যোগ্যৰ। ই-িনে লীলা-
আইটি ৰূপ গুণত, স্বভাৱ চৰিত্ৰত আৰু বুৱন-কাটো-
নত যেনে নিৰ্ম্মলা কমল বোপাও তেনে মলি
নোহোৱা! এনে স্থলত উভয়কে বিবাহ বান্ধোনত
আবদ্ধ কৰিলে যে বিয়া খনি সোণাত সুৱগা চৰাৰ
নিচিনা হব, তাক মনতে আলচি ললিত পৰম আপ্যা
য়িত। এইদৰে গুনি গাথি চাই জেঠতে বিয়াখন
পাতিবলৈ ৰাজি হল।
লীলাৰ বিয়াখন সোনকালে পাতিলে লবঙ্গও পৰম
আহলাদিতা হয়। লীলাৰ সখিয়েক লবঙ্গলতা বৰ
ধেমেলীয়া স্বভাৱৰ। লবঙ্গৰ হৃদয় বীণত বিষাদৰ
বাজনা বজা বুলি ভূলে চুকেও কোনেও কব
নোৱাৰে। তেওঁৰ প্ৰফুল্ল মুখ খনি, সদায় হাঁহিৰে
ভৰা বাবে নেকি গাওঁৰ আধাখিনি মাইকী মানুহে
তেওঁক হাঁহিচম্পা বুলিও মাতে। সিবোৰ যি হওক,
শকুন্তলা আৰু প্ৰিয়ম্বদাৰ প্ৰাণ মৰমৰ যি ধাৰি
হাৰেৰে বন্ধা, আমাৰ লীলা লবঙ্গৰ প্ৰাণ দুখনিও তেনে
জকমকীয়া অমূল্য ৰত্ন খচিত হাৰেৰেই বান্ধ খোৱা।