পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮] তাৰ পাছত ৰহৰীয়া আম ডালিৰ গুৰিলৈকে গৈ কেটামান অকণ অকণ আম, কেডোখৰমান হালধি, গোটাচেৰেক সৰু বেঙেনা আৰু এটি তহলীয়া লাউ আনি তুসীৰ গুৰিত থৈ দিলে। | আগতে কোৱা হৈছে, যে ললিতৰ বেটা- বুলিবৰ কেও নাই, তেওঁৰ আপোন বুলিবৰ কেৱল লীলা। গতিকে মথ। হালধি বটাৰে পৰা লাউ বেঙেনাৰ মালা দুৰি গাথালৈকে সকলো খিনি কাম লীলাৰ ভাগতে পৰিল। লীলা কোনো কামতে পছহুহক বিধৰ ছোৱালী নাছিল। গতিকে সকল খিনি কাম পৰি-পাটাকৈ সমাপন কৰাত লীলাৰ সৰহ সময় নেলাগিল। ইপিনে মাক উঠিল আৰু লীলাৰ নিপুণতাক বাৰম্বাৰ লাগিব ধৰিলে। লাহে লাহে দুপৰ হৈ আহিল। আমাৰ লীলা- বতীৰে আনন্দৰ ভৰ দুপৰীয়া হল। একে লীলা আনন্দত উতলা তাতে আজি আকৌ ৰঙালী বিহু, লীলাক আৰু পায় কোনে? তেওঁ যথা নিয়মে গা ধুই আহি লাউ ফুল হেন বগা, পাৰিত সুন্দৰ