পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[২৭] এনে স্থলত কুশৰ আগৰ নিচিনা তীক্ষ্ণ বুদ্ধিমতী লীলাৰ মুখে মুখে বৰ্ণাবলী শিকোতে বেছি সময়। নেলাগিল। পঢ়াৰ বাবে তেওঁৰ তেনে আগ্ৰহ দেখি, লাবণ্ঠই, নিতৌ ভাটিবেলা তেওঁক শিকাব ধৰিলে। অলপ কেইদিন মানৰ ভিতৰতে তেওঁৰ বৰ্ণ পৰি চয় হ'ল। আৰু এবছৰ মানৰ ভিৰতে ৰুক্মিনী ইৰণ খনি তেওঁ মুখস্থ কৰি পেলালে। এনেকৈ লাহে লাহে ইটোৰ সিটোৰ প্ৰতি মৰমৰ মাত্ৰা বাঢ়িব ধৰিলে। সেইবোৰ যি হওক, নব বৰষৰ উলহ-মালই তকৈ আমাৰ লীলাবতীৰ উচল-পাচল একলা বেছি। আকাশত কাউৰীৰ কা কা মাত শুনা মাকেই তেওঁ আজি নিদ্ৰাদেবীৰ শান্তিময় কোলাৰ পৰা উঠি নিজৰ কৰ্তব্য কামত হাত দিলে। আৰু পুৱাৰ সূৰুযৰ ৰঙালী কিৰণে ধৰাধামত বিয়পিবৰ উপক্ৰম কৰোতে নকৰোতেই চুচুক, চামাক কৈ ঘৰ চোতালত গোৰৰ-মাটি দিলে, পিৰালি মজিয়া মিকাই তালে।