পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওঁ কিয়—গাওঁৰ আটাইয়ে ছোৱালীজনীৰ মউসনা মাতত উল্লাসিত। মুকথা—লীলা সক- লোৰে মৰম (বৰ লাটিম। | পাক! যি জনী যুবতীয়ে সিদিনা গধূলী লক্ষ্যে- শ্বৰৰ ফুলনি জিলিকাইছিল, আকৌ যাক লাবণ্যই লীলা বুলি সম্বোধিছিল, সেই গৰাকী ছোৱালীয়ে আমাৰ ললিতৰ জীয়েক লীলা। এওঁৰ পৰা নাম লীলাবতী। কিন্তু, বেথাতেই হওক, নাইবা মাতিবৰ সুচলতেই হওক সকলোৱে এওঁক লীলা বুলি মাতে। লীলা চালুকীয়াৰে পৰা লাবণ্যৰ প্ৰতি বৰ হালুক। লাবণ্যৰ বোকোচাত উঠিয়ে লল। ডাঙ্গৰ হ’ল। সৰুকালত তেওঁলোকে “বৰ কইনা” খেলা খেলি অপৰি আনন্দ লভিছিল। কেতিয়াবা কেতিয়াব লাবণ্যই বিতাপ পঢ়িব ধৰিলে লীলাই “মইও পঢ়ে। টে। বুলি” ওচৰত বহিছিল গৈ। লাবণ্যই ও মুখে মুখে তেওঁক ক, খ, শিকা ইছিল।” পণ্ডিত সকলে কয়, “উশনা বেদ যচ্ছাং যচ্ছ বেদ বৃহস্পতিঃ। স্বভাবেনৈব তচ্ছাস্ত্ৰং স্ত্ৰীবুদ্ধৌ সুপ্ৰতিষ্ঠিত॥”