সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২৪]


 এই সময়ত লাবণ্যৰ দুখ বোজাৰ গধুৰতা কমোৱাত ললিতত বাজে আন কেও নাছিল। ললিত,লাবণ্যহঁতৰ ঘৰৰ ওচৰৰে এগৰাকী মানুহ। তেওঁ বৰ দয়ালু। বয়স কি জানি ৪০ বছৰৰ ওপৰ হ'ল। তেওঁ অতিথিক সৰ্ব্ব দেমময় বুলি মানে। বামুণ সজনক অচলা ভক্তি দেখুৱায়। হেবকাম পিতৃ কৰম তেওঁৰ ঘৰৰ পৰা প্ৰায় নুগুছেই। লাবণ্যৰ নিঃকিন অবস্থা আৰু সজ চৰিত্ৰৰ পিনে লক্ষ্য কৰি বিশেষকৈ তেওঁ লাবণ্যক নিজৰ বুকুৰ মঙ্গহ যেন দেখে। কিবা অলপমান বই-বস্তু হাতত পৰিলেও লাবণ্যক একণ দিয়া ক নেখায়। এটি পানী শৰাধ পাতিলেও লাবণ্যক নেমাতাকৈ নেৰে। লাবণ ইও লৰ কালৰে পৰা ফুৰিবলৈ ওলোৱা সময় খিনি প্ৰায় ললিতৰ ঘৰতে কটাইছিল। কেতিয়াবা কেতিয়াবা ওঁৰ পাঠ্য কিতাপ খনদিয়েক লৈ ললিতৰ ওচৰত বহি ফুটাই ফুটই মাতোতে, ললিতৰ মুখত মিচিকীয়া হাঁহি দেখা গৈছিল। মেটৰ ওপৰত কবলৈ হলে, ললিত বুজনিৰ ফলতে লাবণ্য বুজন হৈছিল।