কিন্তু দুৰ্ভাগ্যবশতঃ ঠিক এই সময়তেই এওঁ স্বৰগতকৈও ওখ মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱাত তেওঁৰ পঢ়াৰ পিনে তথৈবচ হ’ল।
এতিয়া লাবণ্য একেবাৰে সহায়হীন। কিন্তু, দদায়েকৰ মৰণ সময়ৰ শেষ বাণীৰ পিনে লক্ষ্য কৰি,বেলেগীয়া খুড়াক সন্তৰামে লাবণ্যৰ দুখত দুখীতহৈ লাবণ্যক তেওঁৰ ঘৰতে প্ৰতি পালন কৰি ৰাখিলে। প্ৰথমতে খুড়াকৰ সতি-সন্ততি কেও নাছিল। লাবণ্যও তেওঁলোকৰ বুকুত সোমাই থাকিব পাৰিছিল। খুড়াকেও “ভ্ৰাতৃ পুত্ৰেণ পুত্ৰবান” বুলি ভাবি অপত্য স্নেহৰ পূৰ্ণাহুতি লাবণ্যৰ ওপৰতে ঢালিছিল। আকৌ ভাবিছিল, “নিঃসন্তান মোৰ লাবণ্যই বংশৰ প্ৰদীপ হ’ল। মোৰ অবিহনে এওঁৱেই কুল পোহৰাই থাকিব।”
কিন্তু যেতিয়া বুঢ়া বয়সত পুত্ৰৰ মুখ দেখা পালে তেতিয়া তেওঁৰ লাবণ্যৰ প্ৰতি চেনেহৰ মাত্ৰা ক্ৰমশঃ কমি আহিল। যাক বংশৰ বন্তি বুলি ভাবি নিপিন্ধিও পিন্ধাইছিল, নেখাইও খুৱাইছিল, সেই লাবণ্যক খুড়াকে মৰম নকৰা হ'ল। নেখালেও বিচাৰ নাই, এফালে গলেও আপত্তি নাই।