সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[২১]


নতুন টঙালি কমৰত বান্ধি
 বহিছা সুসাজন সাজি।
নতুন ভাবেৰে চকুৰ পছাৰে
 বৰষি মিছিকিয়া হাঁহি
নব বৰষৰ অতি মনোহৰ
 বজালা সুললিত বাঁহী।
নতুন তানেৰে সজীৱ প্ৰাণেৰে
 গালাহি সুমধুৰ গান;
নতুন গানত বাজিল কানত
 শান্তিৰ সুশীতল তান।

 এই যুবকেই আমালোকৰ লাচিত পণ্ডিতৰ পুতেক লাবণ্য লাল লহকৰ। এওঁৰ বয়স দুবছৰ পাৰ নৌহওঁতেই পণ্ডিত পৰলোক প্ৰাপ্ত হয়। তেতিয়াৰে পৰা নানা আলই-অথনিত পবিও মাকে কোনোমতে এওঁক প্ৰতি পালন কৰে। অলপ বুজন হওঁতে নৌহওঁতেই ছয় বছৰ বয়সত নিম্ন-প্ৰাইমাৰী স্কুলত, খুড়াক সান্তৰামে এওঁৰ নাম লগাই দিয়ে। আৰু চোকা বুদ্ধিৰ বলত দহ বছৰত ভৰি দিওঁতেই এওঁ চতুৰ্থ শ্ৰেণীলৈকে প্ৰমোচন পায়,