সুৰ্ সুৰীয়া কিন্তু পৰিষ্কাৰ বাট আছে। নিজে হাৰাকীৰ ৰাজহাঁহ জুৰিয়ে তাত নানা তৰহৰ খেলা খেলি থাকে। পুখুৰীটোৰ পানী নিৰ্ম্মল আৰু ফট্-ফটীয়া। গৰু মহে ঢুকি নোপোৱাকৈ জেউৰা দি ৰখা হৈছে। তাত পুৱা গধূলি নানা শ্ৰেণীৰ মাছে খেলা খেলি থকা দেখিবলৈ পোৱা যায়। পুঠি-মাছবোৰে উচল-পাচলকৈ নাদুৰি থকা দেখা পালে,কিছুমান ভাবুকে ‘গণ্ডুয জলমাত্ৰেণ সফৰি ফৰ্ ফৰাতে" কথা আষাৰিও নোকোৱাকৈ নেৰে। মাজে মাজে তৰুৱা কদম আৰু কৰবিল জুৰিৰ ছাঁ বতাহতে ইফালে সিফালে লৰিলে, সিহঁতৰ প্ৰতিবিম্ব দুটিও লৰা দেখা যায়। সাতুৰি নাদুৰি থকা অজলা মাছবোৰে সিহঁতৰ খোৱাবস্তু বুলি লৰি থব। ছাঁৰ-পিনে জাকে জাকে দৌৰি যায় আৰু মনৰ হেপাহেৰে খুটিয়াব ধৰে। কিছুমানে আকৌ শত্ৰুৰ জালত পৰা ভয়তে, প্ৰাণৰ মায়া তিয়াগিব নোৱাৰি পলাই পতৎ মাৰে।
সিদিনা গধূলি, কিজানি সাৰে চাৰিটা মান বাজি গৈছেই। সূৰ্য্যদেৱে নিজ কৰ্ত্তব্যৰ মেট্মৰা ভাৰ