পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


এখন্তেকৰ পিছতেই লাচিতে তেওঁৰ শোৱা পাটাৰ ওচৰতে আম-জিমনকৈ বহি থকা তেওঁৰ কনিষ্ঠ সহোদৰ সৰমৰ মুখৰ পিনে বিবৰ্ণ চকু- জুৰি পেলাই ক্ষীণ স্বৰেৰে মাত লগালে, “ভাই! এটোপা পানী—” সন্তৰামে ততালিকে পানী গণপমান খুৰাই দিল, তেওঁ শুকান টানি নিয়া জিভাখনি অলপ তিতিল। তেতিয়া তেওঁ এটি হেপাহৰ চাহনিৰে ভায়েক আৰু ঘৈণীয়েকৰ মুখৰ পিনে একেথৰে চাই ৰ'ল, হঠাৎ তেওঁৰ দুচকুৰ পৰা দুধ চকুলো বাজ হ’ল আৰু তেওঁ কবলৈ ধৰিলে—ভাই! অভাগাৰ জীৱনৰ আশা- ভৰষা হাজি অন্ত হ’ল। হৃদয়ৰ অনন্ত তৃষ্ণা আজি কেনবা উৰি গ'ল। লাবণ্য! মোৰ প্ৰাণৰ লাবণ্য ক'ত?” সন্তৰাম—“খাটত শুই আছে।” লাচিত-“আনা, মাতি আনা। জীৱনৰ শেষ মুহুত সেই হিয়াৰ মানিক এৰাৰ হেপাহ পলুৱাই চাই লওঁ।” সন্তৰামে লাবণ্যক কোলাতকৈ আনি শোৱ-