ঠিক এনে সময়ত গাওঁৰ পূবহাটীৰ এমূৰত থকা লাচিত পণ্ডিতৰ ঘৰত বিষাদৰ অস্ফুট বিননি শুনা গল। আজি আমাৰ পণ্ডিতৰ ওপৰত বিধাতা বিমুখ। আজি তিনিদিন পণ্ডিত শষ্যাগত। তেওঁৰ শোৱা পাটীৰ নিচেই ওচৰতে এখনি কাঠৰ গছাৰ ওপৰত এটি ধামক্ ধিমিক্ কে জ্বলিথকা কেৰাচিনৰ চাকি আৰু ভৰি পিঠানত আবেগত অথিৰা এজনি ৰমণী। তেওঁৰ চকুজুৰিৰ পৰা সৰসৰ্ কৈ বোৱা চকুলো দুধাৰিয়ে কেতিয়াবা তেওঁৰ শুভ্ৰ শাৰীৰ আচলক, কেতিয়াবা পণ্ডিতৰ শোৱা পাটৰ কৰ্ণভাগক, কেতিয়াবা বা আকৌ ৰমণীৰ ঈষৎ কম্পিত হাত দুখনিৰ ওপৰেদি বৈ গৈ পণ্ডিতৰ চৰণ দুখনি ধুৱাইছে। বুজা গল, পণ্ডিতৰ প্ৰাণৰ লগত যাৰ প্ৰাণৰ লগা-ভগা সম্বন্ধ, তেওঁৰ অবৰ্ত্তমানত যাৰ সংসাৰ সাগৰৰ সম্পদ সলিল শুকাই গৈ, সেই অতল জলধি মৰুভূমিত পৰিণত হোৱা আৱশ্যম্ভাবী, লাচিতৰ জীৱনৰ ইহকাল পৰকালৰ একমাত্ৰ লগৰীয়া সহধৰ্ম্মিণীৰ পৰাণত বাজে আনৰ পৰাণত এনে শোকপূৰ্ণ ভাবে কেতিয়াও ঠাই নেপায়।
পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১৪
অৱয়ব