সমললৈ যাওক

পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫]

 হাবি বননিবোৰত জুই লাগি ছাইবোৰ আকাশেদি নাচি নাচি আহোঁতে এটি সুন্দৰ দৃশ্য দেখা যায়। কিন্তু দেখা গলে হব কি? আগৰ নিচিনা অকণ অকণ লৰা-ছোৱালীহঁতে সেইবোৰ হাতেৰে থপিয়াই থপিয়াই ধৰি খেলা খেলিবলৈ হেপাহ নকৰে। তেওঁলোকৰ হিয়া আকাশৰ নবীন সূৰুযৰ পোহৰকো বিষাদ ডাৱৰে ঢাকি ধৰি ঘোপমৰা অন্ধকাৰ কৰি তুলিছে। বননিত জুই লাগোতে কাণত সোৱাদ লগা পট্ পট্ শবদ হয়, কিন্তু এতিয়া আৰু শবদৰ সেই অমিয়া নাই, এতিয়া সেই শব্দই গগনক প্ৰতিধ্বনিত কৰি হিয়াত যেন কিবা এটি আতঙ্কৰহে সঞ্চাৰ কৰিছে।

 সিদিনা মঙ্গলবাৰ। মাজ নিশা। কাৰো ক’তো সাৰ-সহাৰি নাই। কেৱল কেতিয়াবা কেতিয়াবা ঝিলি পোকবোৰে সিহঁতৰ শ্ৰুতিকঠোৰ অস্বাভাবিক মাতৰ সুৰেৰে সেই নিস্তব্ধতাক মাৰ খেদাই অলপ শবদৰ লেশ আনিছে। ইপিনে নিয়তিয়ে “নিওঁ, নিওঁ” বাক্যবাণেৰে কাৰে কাৰো উদ্ভ্ৰান্ত প্ৰাণক দুনাই উদ্ভ্ৰান্ত কৰি তুলিছে।