এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪]
ললে। দুখৰ ওপৰত দুখ পৰাৰ দৰে কোনেওবা পকা চপৰাত উজুটি খাই বিষৰ বলতেই হওক নাইবা দুখ বেজাৰতেই হওক ভৰিক নানা ৰকমে নিন্দা গৰিহণা কৰিলে আৰু লগে লগে নিৰীহ খেতিয়কৰ ওপৰতে গালি শপনিৰ মৰণা মাৰিলে।
পানীৰ আকালৰ বাবেই নেকি—লাহে লাহে গাওঁ-ভূঁইবোৰত নানা বেমাৰে দেখা দিছেহি। কলেৰা বসন্ত আদি সংক্ৰামক ব্যাধিবোৰৰ কৰাল গ্ৰাসত পৰি আজি বহুত মানুহে অনন্ত শয্যাত শায়িত হৈছে।
মানুহবিলাকৰ মনত বৰ ভয়। কোনেও মুকলিমুৰীয়া হৈ নুফুৰে। সততে কিবা এটি ভয়ৰ কালিমা হিয়াত অঙ্কিত আছেই।
এইবোৰৰ বাজেও ঠায়ে ঠায়ে গছ-গছনিবোৰ শুকাই জৰি যেন হৈছে। শুকান লতা-পতাবোৰত কিবা স্বৰূপে অলপ বই-বস্তু পৰিলেও শবদৰ নিনাদ বাজি উঠে। শিয়াল এটিয়ে খুচ্মুচনি লগালেও ঢৌটিয়ে ৰৌটি হোৱাৰ দৰে বাঘৰ ভয় অন্তৰত সোমায়।