পৃষ্ঠা:লীলামালা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লীলামালা।

সবাকো আশ্বাসি কৰিলা ক্ৰীড়া।
এড়াইলা গোপীগণে কাম-পীড়া॥ ১৩॥
শঙ্খচূড় নামে যক্ষক মাৰি।
ৰাখি আনিলন্ত গোপৰ নাৰী॥
খেদি অসিলন্ত অৰিস্টে ধাই।
লীলায়ে মাৰিলা মাধৱে পাই॥ ১৪॥
কংসত নাৰদে কহিলা পাছে।
তোৰ প্ৰাণ বৈৰী ব্ৰজত আছে॥
শুনিয়া কেশীক কংসে পাঞ্চিলা।
তাকো মাৰি কৃষ্ণে যমক দিলা॥ ১৫॥
বুলিলা কংসে অক্ৰূৰক আনি।
ব্ৰজক যাহা তুমি মহা মানী॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
হৰি হৰি বোলা সমস্ত জনে॥ ১৬॥

———

ঘোষা।

ভাবক ভাই ভজ ভগবন্ত।
কৰিবে হৰিষে দুঃখৰ অন্ত॥

পদ।

নাৰদে পাছে গোকুলক আসি।
নমিল কৃষ্ণৰ গুণ প্ৰকাশি॥
কংসে পাঞ্চিলেক আসি অক্ৰুৰ।
সন্ধ্যা সময়ে পশি গোপপুৰ॥ ১॥