পৃষ্ঠা:লীলামালা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লীলামালা।

কৰিলা বৃষ্টি ইন্দ্ৰে ক্ৰোধ কৰি।
ৰাখিলা ব্ৰজ গোবৰ্দ্ধন ধৰি॥
কৃষ্ণৰ মহিমা দেখিয়া ভয়।
ভৈলা গোপ গোপী মহা বিস্ময়॥ ৮ ॥
গৰ্গৰ বাক্যক সুমৰি নন্দে।
বৰ্ণাইলা কৃষ্ণৰ গুণ আনন্দে॥
কৃষ্ণৰ অদ্ভুত মহিমা দেখি।
সুৰভি ইন্দ্ৰে আসি অভিষেক॥ ৯ ॥
গোৰ ইন্দ্ৰ পাতি কৰি প্ৰণাম।
থৈলন্ত কৃষ্ণৰ গোবিন্দ নাম ॥
বৰুণৰ দূতে নিলেক হৰি।
আনিলা নন্দক কৃষ্ণে উদ্ধাৰি॥ ১০ ॥
বিষ্ণু বুদ্ধি কৰি নন্দৰ পোকে।
দেখিল বৈকুণ্ঠ ব্ৰজৰ লোকে॥
চন্দ্ৰাবলী ৰাত্ৰি শৰতকাল।
আৰম্ভিলা ৰাস ক্ৰীড়া গোপাল॥ ১১ ॥
বাঢ়িল গৰ্ব্ব দেখি গোপিকাৰ।
ভৈল অন্তৰ্দ্ধান জগ-আধাৰ॥
কান্দিল কৃষ্ণৰ গুণ বৰ্ণাই।
তনু পুলকিত চেতন নাই॥ ১২ ॥
গোপীৰ অতি প্ৰেম ভকতিত।
সবাৰো মধ্যত ভৈলা বিদিত॥