পৃষ্ঠা:লীলামালা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
লীলামালা।

আকুল হুঁয়া আতি প্ৰেম ভাৱে।
কৃষ্ণ কৃষ্ণ বুলি পড়িল পাৱে॥
খুড়া বুলি কৃষ্ণে সাবটি ধৰি।
কৰিলা সৎকাৰ আতি সদৰি॥ ২ ॥
কংসৰ শুনিয়া নন্দে আদেশ।
লড়িলা শকটে গোপ নিশেষ॥
গোপীকাক ৰাম কৃষ্ণে আশ্বাসি।
সুবৰ্ণৰ ৰথে চড়িলা আসি॥ ৩ ॥
অক্ৰূৰে সত্বৰে ডাকিল ৰথ।
কান্দে গোপী চাই কৃষ্ণৰ পথ॥
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি।
মজিলা যমুনাত দানপতি॥ ৪ ॥
দেখিলা অনন্ত সহস্ৰ ফেট।
কোলাত কৃষ্ণক পাইলন্ত ভেট॥
কৰিলন্ত স্তুতি পড়ি অক্ৰূৰে।
প্ৰবেশিলা পাছে মথুৰা পুৰে॥ ৫ ॥
গোপগণ সঙ্গে ৰঙ্গে মুৰাৰি।
ভ্ৰমন্তে দেখিলা মথুৰা নাৰী ॥
কন্দৰ্প কোটি যাক নুই তুল।
সাৰি সাৰি নাৰী বৰিষে ফুল॥ ৬ ॥
বধিলা ধোবাক চৱড় অস্ত্ৰে।
বেশা-কাৰে আসি ভূষিলা বস্ত্ৰে॥