সমললৈ যাওক

পৃষ্ঠা:লীলামালা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
লীলামালা।

কৃষ্ণৰ যতেক পত্নী দৌপদী সহিতি।
কহিলন্ত কৃষ্ণ কথা পৰম পীৰিতি॥ ৩॥
নাৰদ প্ৰমুখ্যে মুনিগণ আইল তয়।
অৰ্চ্চিলন্ত তাসম্বাক কৃষ্ণ কৃপাময়॥
পিতৃৰ কৰাইলা মহা যজ্ঞ মহোৎসব।
বান্ধবক তুষি ভূষি পঠাইলা মাধব॥ ৪॥
নন্দ যশোদাক মান্য কৰিলা একান্ত।
জ্ঞান দানে গোপীক কৰিলে উপশান্ত॥
কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান।
মৃতক পুত্ৰক দৈবকীক দিলা দান॥ ৫॥
অৰ্জ্জুনক আনি বিহা দিলা সুভদ্ৰাক।
ভক্তক দেখিবে লাগি গৈলা মিথিলাক॥
শ্ৰুতদেব জনকৰ পূৰি মনোৰথ।
কৈলা উপদেশি প্ৰেম ভকতিৰ পথ॥ ৬॥
ভকতিক পুছিলা নাৰদে মাধবত।
নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব॥
সংসাৰক তাৰে ভকতিসি জানি মনে।
কৈলা স্তুতি বেদ শিৰোৰত্ন মন্ত্ৰগণে॥৭॥
হৰিত ভকতি পাই পৰম মুকুতি
দিবে মাত্ৰ পাৰে আন দেবতা ভুকুতি॥
ভৃগুঋষি আসি কৰি পৰীক্ষা পূৰ্ব্বত।
কৈলা কৃষ্ণ-গুণ মুনিগণৰ আগত। ॥৮॥