সমললৈ যাওক

পৃষ্ঠা:লীলামালা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
লীলামালা।

তীৰ্থত স্নানিয়া ফুৰন্তে ৰাম।
সূতক বধি কৰি মন্দ কাম॥
বল্লল দৈত্যক মাৰি তহিত।
কৰিয়া সূত বধ প্ৰায়শ্চিত্ত॥ ১৭॥
দেখিয়া তুষ্ট ভৈল ঋষিগণ।
উগ্ৰস্ৰৱা পাইলা ব্ৰহ্ম আসন॥
কহিলা মহা ভাগবত কথা।
বোলা হৰি হৰি নমৰা বৃথা॥ ১৮॥

———

ঘোষা।

গোপীনাথ! তুৱা পাৱে নভৈল ভকতি।
ইজন্মত মাধব গৈলোঁহোঁ অধোগতি॥

পদ।

দ্বাৰকাক গৈলন্ত দৰিদ্ৰ দামোদৰ।
অৰ্চ্চিলন্ত কৰি কৃষ্ণে পৰম সাদৰ॥
গুৰু-গৃহ-বাসকথা কৈলা মন তুষ্টি।
খাইলা তান লইয়া চাউল চিড়া এক মুঠি॥ ১॥
এতেকে ঐশ্বয্য পাইলা ইন্দ্ৰৰো দুৰ্লভ।
হেন সে ঈশ্বৰ কৃষ্ণ ভৃত্যৰ সুলভ॥
সৰ্ব্বগ্ৰাহ সূৰ্য্যৰ গ্ৰহণ আসি ভৈলা।
সমস্তে নৃপতিগণ কুৰুক্ষেত্ৰে গৈলা॥ ২॥
সপুত্ৰ বান্ধবে যদুগণ গৈল তথা।
কৈলা ৰাজগণ অন্য অন্যে কৃষ্ণকথা॥