পৃষ্ঠা:লীলামালা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
লীলামালা।

মহাকাল পুৰ পশি কৃষ্ণ কৃপাময়।
আনিলন্ত বিপ্ৰৰ মৃতক পুত্ৰ চয়॥
অৰ্জ্জুনৰ অঙ্গীকাৰ কৰিলা সফল।
হেন নাৰায়ণ দেব ভকত বৎসল॥ ৯॥
ষোড়শ সহস্ৰ অষ্টাধিক এক শত।
কৃষ্ণৰ মহিষী সবে পৰম ভকত॥
শুনিয়োক কৃষ্ণৰ যতেক পুত্ৰ ৰাশি।
একষষ্টি হাজাৰ লক্ষেক আৰ আশী॥ ১০॥
তাসম্বাৰ পুত্ৰ নাতি ভৈল অপৰ্য্যন্ত।
তাক কহি কোনে আবে পাইবে তাৰ অন্ত॥
যদুকুলে কেশব আপুনি অবতৰি।
গঙ্গাক কৰিলা অল্প কীৰ্ত্তনত কৰি॥ ১১॥
শত্ৰু মিত্ৰ উদাসীনে দিলা নিজ পদ।
ভাৰ হৰি মহন্তৰ খণ্ডিলা আপদ॥
নুহিকে আশ্চৰ্য্য ইটো কৰ্ম্ম মাধবৰ।
সিকালত বেকত আছিলা দামোদৰ॥ ১২॥
আকেসে আশ্চৰ্য্য দেখোঁ শুনা পৰীক্ষিত।
নাম মাত্ৰ লৈলে তৰি ইটো বিপৰীত॥
আৰো যাইবে নলাগে নৃপতি তপোবন।
গৃহে গতি পাই কৰি শ্ৰবণ কীৰ্ত্তন॥ ১৩॥
এহি মানে দশমস্কন্ধৰ কৃষ্ণ লীলা।
শুক মুনি পৰীক্ষিত ৰাজাত কহিলা॥