পৃষ্ঠা:লীলামালা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
লীলামালা।

তুলিলা বস্ত্ৰ পানী বুলি স্থলে।
স্থল হেন বুলি পড়িলা জলে॥ ১১॥
দ্ৰৌপদী সমে নাৰীগণ আসি।
চাপৰি বজায়া তুলিলা হাসি॥
ভীমৰ উপহাস্যে কুৰুৰাজ।
মৰণ সমান ভৈগৈল লাজ॥ ১২॥
মৃতক যেন ভৈল কুৰুপতি।
কৃষ্ণৰ কটাক্ষে ভ্ৰমিলা মতি॥
তোলাই ইটো কোপ কুৰুৰাজাৰ॥
হৰিবোঁ সমস্তে ভূমিৰ ভাৰ॥ ১৩॥
লাগোক বিবাদ কুৰু পাণ্ডবে।
নমাতি থাকিলা বসি মাধবে॥
পাণ্ডবৰ হাতে সমৰ জিনি।
মৰাইলা অষ্টাদশ অক্ষৌহিণী॥ ১৪॥
হৰত বৰ পায়া শাল্ব ৰাজা।
মাৰিবাক গৈলা যাদব প্ৰজা॥
আকাশতে চলে শৌভ নগৰ।
যদু-বীৰগণে দিলে সমৰ॥ ১৫॥
হস্তিনাপুৰ হন্তে আসি পাই।
কাটিলা শাল্বক যাদৱ ৰায়॥
ভাঙ্গিলা শৌভক ক্ষেপিয়া চক্ৰ।
বধিলা বিদূৰথ দন্তবক্ৰ॥ ১৬॥