পৃষ্ঠা:লীলামালা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
লীলামালা।

আনন্দে দ্ৰবিল সবাৰো চিত্ত।
লোকত ঝৰে তনু ৰোমাঞ্চিত॥
আছিল মৰি দুনাই যেন জিল।
আলিঙ্গিয়া যেন নয়নে পিল॥ ৬॥
চাহান্তে গৈল অনুৰাগ চড়ি।
প্ৰণামিলা আতি চৰণে পড়ি॥
হৰিষতে যেন পাইলা মুকুতি।
কৰিলা কৃষ্ণক অনেক স্তুতি॥ ৭॥
মাগিল পৰম ভকতি দান।
সবাকে কৰিলা কৃষ্ণে সম্মান॥
তুষিয়া পঠাই দিলা নিৰন্তৰ।
ৰাজ-সূয়ে আসি যোগাইলা কৰ॥ ৮॥
কৰি ৰাজ-সূয় যজ্ঞ নৃপতি।
অৰ্চ্চিলা কৃষ্ণক মহা ভকতি॥
নিন্দিলে দেখি শিশুপাল বীৰ।
চক্ৰ হানি কৃষ্ণে কাটিলা শিৰ॥ ৯॥
তাৰ তেজস্পুঞ্জ আসিল লড়ি।
মিলিল কৃষ্ণৰ চৰণে পড়ি॥
সাৰূপ্য পায়া ভৈলা পাৰিষদ।
বিস্ময় দেখি লোক নিঃশবদ॥ ১০॥
পৰম মানী দুৰ্য্যোধন ৰায়।
ভ্ৰমিলা সভাৰ সম্পত্তি চাই॥