পৃষ্ঠা:লীলামালা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
লীলামালা।

যেন মতে মানো বসুদেব দৈবকীক।
তুমি পোষ্টা পিতৃ দেখোঁ তাহাতো অধিক॥ ১ ॥
অনন্তৰে নৱগুণ দিলা গৰ্গ ঋষি।
পাছে গুৰুগৃহে বাসা কৰিলা হৰিষি।
জানিলা চৌষষ্টি কলা পাছে চক্ৰপাণি।
দিলা গুৰুদক্ষিণা মৃতক পুত্ৰ আনি॥ ২ ॥
মথুৰাক আসি কৃষ্ণে পঠাই উদ্ধবক।
কৰাইলা আশ্বাস পাছে যশোদা নন্দক॥
গোপী সমস্তক বাক্য সন্দেশ পঠাই।
সান্ত্বনা কৰিলা কৃপাময় যদুৰায়॥ ৩ ॥
কুবুজাক ক্ৰীড়ি কৃষ্ণ জগত ঈশ্বৰ।
প্ৰবেশিল গোবিন্দ গৃহত অক্ৰূৰৰ।
অৰ্চ্চিলন্ত দানপতি পায়া মাধবক।
পাণ্ডবৰ পাশক পঠাইলা অক্ৰূৰক॥ ৪ ॥
জৰাসন্ধ-ভয়ে যেন প্ৰভু যদুৰাজে।
নিৰ্ম্মিলা দ্বাৰকাপুৰী পয়োনিধি মাঝে॥
নিলা তৈকে মথুৰাৰ প্ৰজা যোগ বলে।
মাৰিলাহা জৰাসন্ধ-সেনাক সকলে॥ ৫ ॥
বধিলা যবন মুচুকুন্দক দেখাই।
কৰিলন্ত স্তুতি মুচুকুন্দ মহাৰায়॥
দিলন্ত প্ৰসাদ তাঙ্ক পৰম ভকতি।
মুচুকুন্দে লভিলন্ত ভগবন্ত গতি॥ ৬ ॥