পৃষ্ঠা:লীলামালা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
লীলামালা।

জৰাসন্ধ ভয়ে নৰ চেষ্টাক দেখাই।
পশিলা পলাই দ্বাৰকাত দুয়ো ভাই॥
ৰুক্মিণী পঠাইলা গোপ্য প্ৰেম-পত্ৰ লিখি।
আতি সকৰুণ ভৈল কৃষ্ণে তাঙ্ক দেখি॥ ৭॥
বিপক্ষ নৃপতি সকলক জিনি ৰণে।
ৰুক্মকো মুণ্ডিলা চক্ৰ ধৰি নাৰায়ণে॥
দ্বাৰকাত পাতি সভা দেবতো অধিক।
কৰিলা বিবাহ মহোৎসবে ৰুক্মিণীক॥ ৮ ॥
ভৈলা কামদেব ৰুক্মিণীৰ গৰ্ব্ভে জাত।
হৰিলা সম্বৰে তাক কৰিলা নিপাত॥
ভাৰ্য্যায়ে সহিতে দুনাই দ্বাৰকাক আইল।
পুত্ৰ দেখি ৰুক্মিণীৰ শৰীৰ যুড়াইল॥ ৯ ॥
মণি হেতু জাম্ববন্ত যিনি যদুপতি।
স্যমন্তক সমে পাইলা কন্যা জাম্ববতী॥
সত্ৰাজিতে দিলে সত্যভামাক ভয়ত।
মণিক যৌতুক দিলা কন্যাৰ লগত॥ ১০ ॥
থৈলা সত্ৰাজিততে মাধবে মণি পুনু।
তাঙ্ক কাটি মণি পাছে নিলা শতধনু॥
অক্ৰূৰত মণি গৈয়া ঘোড়ায়ে পলাইল।
তাক চক্ৰে কাটি কৃষ্ণুে মণিক ন পাইল॥ ১১ ॥
দ্বাৰকা এড়িয়া পাছে পলাইল অক্ৰূৰ।
আনিলন্ত দুনাই কৃষ্ণে তাঙ্ক যদু-পুৰ॥