পৃষ্ঠা:লীলামালা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
লীলামালা।

পিন্ধাইলা চন্দন কুঁজী সাদৰি।
তাইৰ কুঁজ সম কৰিলা হৰি॥ ৭ ॥
পিন্ধাইলা মালী অঙ্গ মুণ্ড মাল।
দিলা সুদামাক বৰ গোপাল॥
ভাঙ্গিলা কংসৰ ধনুক ধৰি।
ৰাখিয়া সেনাক বধিলা হৰি॥ ৮ ॥
বঞ্চিলা ৰাতি নগৰৰ মাঝে।
প্ৰভাতে শুনন্ত দুন্দুভি বাজে ॥
গৈলন্ত খেদিয়া নন্দকুমাৰ।
কুবলয় পীড়ে ভেণ্টিলে দ্বাৰ॥ ৯ ॥
ভূমিত পাড়ি কাঢ়ি লৈলা দন্ত।
কৰিলা কোবাই হস্তীৰ অন্ত॥
স্কন্ধত গজদন্ত অনুপাম।
পশিলা ৰঙ্গ-শালা কৃষ্ণ ৰাম॥ ১০ ॥
চৌপাশে উপাসে গোপ কুমাৰে।
দেখিলা কৃষ্ণক দশ প্ৰকাৰে॥
বলো মুষ্টিকক কৃষ্ণে চানুৰ।
মাৰি মাল দুইকো কৰিলা চূৰ॥ ১১ ॥
আসিল খেদি আৰো যত মাল।
কৰিলা নাম কৃষ্ণে তাৰো কাল॥
নাচিলা কৃষ্ণে সমাজৰ মাঝে।
পাবে ৰুন ঝুন নূপুৰ বাজে॥ ১২ ॥