পাঠকৰ মনত থাকিব পায়, শূলধৰ বৰগোহাঞিৰ পুতেক ধনবৰ বৰগোহাঞিৰ কথা আমি আগতে অলপ উনুকিয়াই আহিছোঁ; এতিয়া আমি তেওঁৰ ৰূপ, গুণ আৰু স্বভাৱ-চৰিত্ৰৰ কথা অলপ কওঁ ৷ ধনবৰৰ বয়স এতিয়া চৈধ্য বছৰত সোমাইছেহি । লৰাটি মিঠাবৰণীয়া,— দেখিবলৈ বৰ বিষম নহয়। শকত-আৱতলৈ চাই, থোলোকা পাৰটোৰ দৰে; পোন্ধৰ-ষোলবছৰীয়া লৰা যেন দেখি। ধনবৰৰ মুখখনি চকলামুৱা, নাকটি খঁৰা আৰু দুই চকুৰ মাজত চেপেটা; সেইখিনিত নাকৰ চিন্ নাই বুলিলেই হয়। চকু দুটি শল মাছৰ চকুৰ দৰে সৰু-সৰু আৰু ৰঙা। লেৰুৱা ওঁঠখন দু-আঙ্গুলমান বহল; সদায় তামোলৰ ৰঙেৰে ৰাঙ্গলী। আগদাঁত কেইটি উচলা আৰু তলৰ দাঁতপাৰি বেৰীয়া-গজা; মুখ জঁপালে ওঁঠ দুখনে দাঁত ঢাকিব নোৱাৰে, আগদাঁত ওলাই থাকে। বৰকৈ চেপি ধৰিলে ঢাক খায়; কিন্তু মুখখনি হে মলুৱাটিৰ দৰে হৈ পৰে। সেই কাৰণেই, তেওঁৰ মুখৰপৰা সদায় মিচিকিয়া হাঁহি নুগুচে। কাণ দুখনি মেকুৰীৰ কাণৰ দৰে নিচেই সৰু সৰু; নিলগৰপৰা চালে, আছে নে নাই তত ধৰিবলৈকে টান। চুলিখিনি ঠিক গাহৰীৰ গল্ধনৰ ওপৰৰ থিয় নোমখিনি চালে চাবই নালাগে। ডিঙ্গিটি কাছৰ দৰে; কোঁচ্মোচ্, খাই বহি থাকিলে কানতে-মূৰ-লগা যেন দেখি, ফেঁটী সাপৰ দৰে ওপৰলৈ মূৰ তুলি ধৰিলে তেও অলপ ডিঙ্গি যেন দেখি। পেটটি কড়িৰ গুৰিৰেপৰা ধেনু-ভিৰীয়া; চুৰিয়া পিন্ধোতে ওপৰলৈ উজাই পিন্ধিলে কড়িৰ গুৰি পায়গৈ আৰু তিৰোতাই