পৃষ্ঠা:লাহৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭৮
লাহৰী

বুকুত মেখেলা পিন্ধাৰ দৰে হয়, তললৈ নমাই পিন্ধিলে আকৌ নাইৰ তলত থাকেগৈ। গাৰ ফালে চাই নালাগে, বাদু ওলমি পৰিছে! কাপোৰ-কানি পিন্ধাৰ বিষয়েও সৰহ কব লগা নাই, তেওঁৰ গাত কেতিয়াও তিনি ডুখৰি কাপোৰতকৈ সৰহ নাথাকে। চুৰিয়াখনি পিন্ধাৰ ফালে পেটৰ ৰূপ বৰ্ণাওঁতেই বুজিব। বাকী, ⸺একানে গাৰিদিয়া চেলেং এডোখৰ; আৰু কঁকালত তামোলৰ গামোছাখনি। গামোছাখনিয়ে জানিবা আৰু এটি উপকাৰ কৰে;সেয়ে নহলে চুৰিয়া নৰয়! তাৰ পাচত, গুণৰ কথা অলপ কওঁ। তালৈকো এটা লেঠা এই যে, সেই বিষয়ে কবলৈ হলে, প্ৰথমে মানুহটি মাতে-কথায় কেনে, তাক জানিব লাগে। কিন্তু, তেওঁৰ মুখৰপৰা দেখোন মাত-কথা শুনাই টান; কথা পাতিবলৈ ধৰিলে মানুহক মুখৰ থুইৰে বুৰাই দিয়ে। তাতে আকৌ কেঁচা ধঁপাতেৰে তামোল এমোকাৰা সদায় মুখৰপৰা নুগুচে। গতিকে, সেই ছোৱা এৰিয়েই দিব লগীয়া হল। কথা পাতিব নোৱাৰি সেই ছোৱা এৰি দিয়া গল যদিও, আন-আন গুণৰ কথাকে অলপ কোৱা যাওক। ধনবৰৰ বুদ্ধিটি জানিবা এটি ভোটা-বেজী; এইখিনিতে কথা এটি শুনিলে, সেইখিনিতে আকৌ সেইটো তেনেই পাহৰিলেগৈ। বছেৰেকমানেও পণ্ডিতে চেকনিৰে পিঠিৰ ছাল ছিঙ্গিও ক-খ খনকে মুখত অনাব নোৱাৰিলে। তাৰ ভিতৰতে, ক-খ নৌ শিকোঁতেই, তেওঁ দহখনমান কিতাপ ফালিলে। পঢ়িব নোৱাৰি পণ্ডিতক ভুৱা দিয়া বিচক্ষণ বুদ্ধিটি চাওক, ⸺ যি কেইটা আখৰ মনত নৰয়, সেই কেইটা চিকুটি ফালি পেলাই দি, পণ্ডিতক কয় “মোৰ কিতাপতেই নাই, কেনেকৈ পঢ়িম?” পণ্ডিতৰ মাৰ খাই খাই দগা গৰুৰ দৰে মাৰলৈ আৰু কটাহি নকৰা হল। সদায় মই বৰ, মই ধনী মানুহৰ লৰা, মোৰ দেউতাক সকলোৱে মান কৰে, এনেবোৰ গণ্ডপ্-মৰা ভাব লৈয়ে ধনবৰ গঙ্গাটোপৰ দৰে ওফন্দি ফুৰে। দয়া,ক্ষমা, নম্ৰতা এনেবোৰ