যাওক। এই বুলি, এটাই থুনুপাকৰপৰা টিঙ্গিৰি-তুলা উলিয়াই লৈ ঘৰৰ ছালৰ চুকে চুকে জুই দিবলৈ ধৰিলে। দুপৰীয়া ৰ'দত শুকাই থকা ঘৰৰ ছালত কেইওফালৰপৰা জুই লগোৱা মাত্ৰকে জুই অভ্ৰংদেহী জিভা মেলি গগণ ভেদি জ্বলি উঠিল। তিনদিনীয়া লঘোনত ভিতৰ সোমাই লালিগুৰেৰে সনা হুঁতা চাউলৰ লাৰু চোবোৱাবিলাক ভিতৰতে ৰল! ছালৰ ওপৰত থকা বৰতীয়াবিলাক পাখিভগা শালিকীৰ দৰে অলপ পৰ ধপ্ধপাই তললৈ সৰি সৰি পৰিল। বাৰে-ছালে মৌ-গুটীৰ দৰে ওলমি থকাবিলাকৰ কিছুমানে বাহিৰলৈ ওলাবৰ বাট বিচাৰি, অচিনাকী দুৱাৰেদি ভিতৰলৈ হে সোমাই গৈ লগৰীয়া ভাইসকলৰ লগতে জাহ গল। তাৰে গোটাচাৰেকে আধা-পোৰা হৈ ওলাই আহি চোতালৰ বননিত বাগৰ দি আধা-পোৰা বৰালি মাছৰ দৰে হল! বাহিৰত চিয়ঁৰ-বাখৰ কৰি ধপচালি কোবাই থকা তিনটা মাখোন মান নিঘুনি হৈ ৰল; সিহঁতেও লগৰ দুকুৰি-তেৰটাক একেবাৰে হেৰুৱাই আৰু চৈধ্যটাক আধা-পোৰা আধা-মৰা অৱস্থাত দেখি বৰ ব্যাকুল হৈ পৰিল। এনে সুযোগতে গাৱঁৰ ডেকা, বুঢ়া সকলোটি চাপি আহি সেইপৰীয়া পৰি থকা নৰ-পাষণ্ড মান কেইটাক নানা শাস্তি দি বন্দী কৰি ৰাখিলে ৷
বাঁৰী তেঙৰ আৰু খাঁৰী তেৰঙ ৷ মহা চতুৰা সেই লাহদৈগৰীয়ানী বাঁৰী বায়েও, গাঁৱত জয়ন্তী আইদেউৰ বিয়াৰ ধুম্ধাম মাৰ যাবলৈ হে বাট চাই আছিল। জয়ন্তী আইদেৱক লৈ দৰা-ঘৰীয়া ঘৰলৈ ওলটাৰ কেইদিনমানৰ পাচত, বাঁৰীয়ে বিষয়ানীৰ চ'ৰাত গাঁৱৰ বৰমূৰীয়াসকলক চপাই এখন চালিচ পাতিলে। ৰত্নেশ্বৰে প্ৰথমে সেই চালিচ অমান্য কৰি তাত উপস্থিত হবলৈ অমান্তি হৈছিল । কিন্তু, অলপ টানমুখীয়া হুকুম পোৱা মাত্ৰকে তেওঁ পূৰ্ব্বৰ পিটনলৈ মনত কৰি, আকৌ সেও হৈ কলে যে,তেওঁ গাৰ বিষত উঠিবই নোৱাৰে। চালিচৰপৰা আদেশ পৰিল যে,