পৃষ্ঠা:লাহৰী.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
১৯। আধ্যা।
পাপৰ পৰিণাম ৷

 মানহঁতে খঙ্গৰ জালত গায়পতি একো ঘাপ্‌কৈ ঘপিয়াই পামপুৰীয়াক তাতে টুকুৰাটুকুৰ কৰি, তাৰ পাচত সিহঁত ঘৰলৈ উলটিল। উলটিল, কিন্তু শুদা হাতে ঘৰলৈ ওলটা চিকাৰীৰ দৰে সিহঁতৰ পেটৰ ভোক, গাৰ ভাগৰ অসহনীয় হৈ উঠিল। আধা মাইলমান বাট গৈয়ে এজোপা ডাঙৰ বৰগছৰ তলত আটাইবিলাক মৰা-শ পৰা দি পৰিলগৈ। সেই অৱস্থাৰেই মূৰ্খ পাষণ্ডহঁতে আধা ঘণ্টামান চাটিফুটি কৰি আছে, এনেতে এটা বুকুবহল ডেকাই এই বুলি মাত লগালে, “কাকাহাঁতঐ, আমিচোন ৰত্নেশ্বৰক একো কৰিবা নোৱাৰিলুঙঐ! হি আমাক ভুৱা দি হাৰিলচোন ঐ। আমি তাৰ ঘৰ আৰু গাঙকে ভাঙ্গিবলৈ নোৱাৰুঙ না?” ডেকাৰ কথা শুনা মাত্ৰকে খঙ্গত উতলি থকা মানহঁত আকৌ মতলীয়া হৈ উঠিল; ক্ষন্তেকৰ নিমিত্তে পাপ-তেজৰ বলত ভোক, পিয়াহ, ভাগৰ সকলো পাহৰি আটাইবিলাক উত্ৰাৱল হৈ আকৌ উভতিল। আটাইবিলাক আহি পোনেই ৰত্নেশ্বৰৰ ঘৰৰ বাহিৰে, ভিতৰে, ছালে, বাৰে মৌ-গুটী ওলমি পৰাদি পৰিল। ভিতৰ সোমোৱাবিলাকে হুঁটা চাউল আৰু ধোঁৱাছাঙ্গৰ গুৰৰ সোৱাদত মজি বাহিৰৰ বিলাকলৈ পাহৰিলেই; বাহিৰৰ বিলাকে ঘৰ-দুৱাৰ ভাঙ্গি নিজৰ খং সৰাৰ সুখতে মগ্ন হল; ছালৰ ওপৰত থকাবিলাকে ঘৰটোকে চৰাই-পখিৱা দি, খঙ্গত উন্মত্ত হৈ আছে। তাৰ পাচত, গোটাচাৰেকৰ মনত এনে বুদ্ধি ওলাল যে, ফাঁকিদাৰ ৰত্নেশ্বৰৰ ঘৰকে পুৰি ছাই কৰা