গোটাচাৰেক ডেকা লৰা গৈ তাক মাটি-অনা চাঙ্গীত তুলি দাং-দোলাকৈ আনকগৈ। ৰত্নেশ্বৰক সিমানলৈকে পোৱা অপমানৰ জলপানেই আঁটিছিল; গতিকে তেওঁ মাটি-অনা চাঙ্গীত উঠি বহুৱা ওলোৱাতকৈ কেঁকাই-গেঁঠাই নিজে যোৱাটোকে উচিত দেখিলে। যথা সময়ত মেলৰ বিচাৰ আৰম্ভ হল। গুচৰীয়ানীয়ে তাইৰ কবলগীয়া কৈ অন্ত কৰি, সামৰণিত কলে, “মই চাওঁতে সিটোৱেও আৰু ইফাল-সিফাল কৰিব নাপায় দেখোন; এবেলি আপোন ইচ্ছাৰে চাপি আকৌ নো ঘটংমটং লগাব নে? তথাপি, ‘নেজানি দৈবৰ গতি’। পাচত কাৰ মন কি হয়, কোনে জানে? সেই দেখি ৰাইজৰ আগতে এটা পকাকৈ বন্ধা-ছতা হৈ গলে যেনিবা ভাল।” চালিচে বাঁৰীৰ কথাত হয় দি, তাত ৰত্নেশ্বৰৰ মত কি জানিবলৈ ইচ্ছা কৰিলে। ৰত্নেশ্বৰে সিমান পৰলৈকে বাঁৰীৰ মলিয়ন বৰকাপোৰেৰে ঘুম্ মাৰি আঁঠুৰ তলত মূৰ সুমাই শুনি শুনি কান্দি আছিল। চালিচৰ প্ৰশ্ন শুনি অতি কাতৰ ভাৱে কিবা এটি উত্তৰ দিব খুজিছিল, কিন্তু ৰত্নেশ্বৰৰ জিভাই দোৰোল্ নেখালে; তেওঁ আপোনাৰ মূৰত আপুনি ভূকুৱাই ধাৰাসাৰে চকু-লো বোৱাবলৈ ধৰিলে। ৰত্নেশ্বৰৰ তেনে অৱস্থা দেখি এজন সমজুৱাই পুতৌ কৰি কবলৈ ধৰিলে, “এৰা, দেহি, আগৰ ভাল অৱস্থাৰ মানুহ, এতিয়া দুখত পৰি শোক কৰিছে ! তেওঁ নো আৰু কব কি? বাঁৰীয়ে যি কলে, তাতে তেওঁ মান্তি; সিহঁতে ঘৰত কথা-বাৰ্ত্তা স্থিৰ নকৰাকৈ নো আহিছে নে?” তেওঁৰ কথাতে আনবিলাক সমজুৱায়ো হয় দি উঠিল। সদৌশেহত এয়ে স্থিৰ হল যে, সেই বাঁৰীৰ ঘৰতে এতিয়া থকাৰ দৰেই ৰত্নেশ্বৰ চপনীয়া মতা হৈ গৃহবাস কৰি থাকিব। নাইবা, এৰি যাব লগীয়া হলে, বাঁৰীয়ে সেই সময়ত গৰ্ভত ভাৰ বোৱা ভাবী-সন্তানৰ পোহ-পালৰ নিমিত্তে ৰত্নেশ্বৰে ১০০ এশ টকা দি যাব লাগিব। এই সিদ্ধান্ত দি মেলুৱইসকল ঘৰাঘৰি
পৃষ্ঠা:লাহৰী.pdf/১৩৪
অৱয়ব