তৃতীয় গৰ্ভাঙ্ক।







আন্ধাৰু বালি,—ৰণৰ পাচত।
(মাধৱচৰণ আৰু নৰ্ত্তম)
নৰ্ত্তম।—দিয়াঁ এতিয়া, দিবলৈ বাকী থকাখিনি।
মাধৱ।— কিয় দিম? দিম কিয় হে?
নৰ্ত্তম।—কিয়? দিম বোলা দিয়াঁ আকৌ, কিয় কি?
মাধৰ।—দিম বুলিছিলোঁ হয়, কাম নকৰাকৈ এনেই দিম বোলা নাই।
নৰ্ত্তম।— কি! কাম কৰি দিয়া নাই নে? এনেই হে ৰাখি দিলোঁ এবেলা পৰলৈ? আন্ধাৰু বালিৰ পোন্ পোৱাইছিলোঁহি আৰু! পিচে, কি কৰিবা, অদ্ভুত গণনা নগণা হল।
মাধৱ।—নগণা হল, মই কৰিম কি? কাৰ্য্য় সিদ্ধি হলে হে বাকী কেটকা দিম বুলিছিলোঁ; নহল সিদ্ধি, নোপোৱাঁ।
নৰ্ত্তম।—মোৰ দোষত নহল নে কিবা?
মাধৱ।—যাৰে দোষত নহক লাগে।
নৰ্ত্তম।—এ, সেইবোৰ ঠগবাজী নকৰিবাঁ জানিছা; দিয়া, দিয়া, দিব লগীয়া দি দিয়াঁ, গুচি যাওঁ।
মাধৱ।—যোৱাঁ গুচি, তোমাক নো কোনে ধৰি ৰাখিছে। কিয় আছাঁ?
নৰ্ত্তম।—নিদিয়া দেখি হে আছোঁ।
মাধৱ।— নিদিওঁ বুলিছোঁ নহয়।
নৰ্ত্তম।—নিদিবা কিয়? মোলৈ বুলি মোগলৰ টকা আনি এতিয়া নিজে
খাৱা নে কি?