পৃষ্ঠা:লাচিত বৰফুকন.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩২
লাচিত বৰফুকন।

যাওঁ, যাওঁ, ময়ো খেদি যাওঁ। আজি মোগলক কচুকটা দি হেঁপাহ পলুৱাওঁগৈ যাওঁ।

 (বুঢ়াগোহাঞি ডাঙৰীয়াৰ বেগেৰে প্ৰস্থান; চন্দ্ৰনাৰায়ণৰ প্ৰৱেশ )

 চন্দ্ৰনাৰায়ণ।—পৰিল, পৰিল! পৰিল সৌৱা, চৰিপ্খাঁ সেনাপতি পৰিল! নাৱে সৈতে পানীৰ তললৈ গল! চোৱাঁ, চোৱাঁ, বাকী নাও-মানুহ - আটাইবোৰ ছিটিকি পলাইছে! আমাৰ নাৱে খেদি নিছে!

(বেগেৰে প্ৰস্থান)

 নেপথ্যত।—(ৰণ-কোলাহল ) জয় স্বৰ্গদেৱৰ জয়!

জয় বৰফুকন লাচিতৰ জয়!

(গন্ধৰ্ব্বনাৰায়ণৰ বেগেৰে প্ৰৱেশ)

 গন্ধৰ্ব্ব।—ধন্য মহাবীৰ লাচিত বৰফুকন! ধন্য তোমাৰ ৰণ-কৌশল! ধন্য তোমাৰ স্বদেশ-প্ৰেম! ধন্য তোমাৰ ৰণপাণ্ডিত্য! নৰিয়াই তোমাৰ বাহুবল অৱশ কৰিছিল, কিন্তু প্ৰতিভা মলিন কৰিব পৰা নাছিল। বাহুবলতকৈও আজি তোমাৰ বুদ্ধিবলে জগতক তবধ লগালে! এক নিৰস্ত্ৰ লাচিতে আজি সহস্ৰ সশস্ত্ৰ সৈনিকৰ বল দিলে। মহাবীৰ লাচিতৰ অলৌকিক ৰণ কৌশলে আজি অসমীয়া সেনানীৰ প্ৰাণত বৈদ্যুতিক বল প্ৰয়োগ কৰিলে! ধন্য তুমি! ধন্য তোমাৰ জন্মভূমি! ধন্য তোমাৰ জাতীয় প্ৰেম!