মাধৱ।—মোগলৰপৰা ধন লোৱাৰ লগত তোমাৰ কি হাত আছে? তোমাৰ বন্দবস্ত আছিল মোৰ লগত। মোগল গুৱাহাটী সোমোৱালৈকে অসমীয়া ৰণুৱাক ক্ষণ নিদি ৰাখি থব পৰা হলে, আমাৰ উদ্দেশ্য সিদ্ধি হলহেঁতেন; তেতিয়া বাকী কেটকা হে নালাগে আৰু কিমান পালাহেঁতেন।
নৰ্ত্তম।—নালাগে আমাক বেচিকৈ; যি পাব লগা আছিল তাকে দিয়া গুচি যাওঁ।
মাধৱ।—কি অবুজন অ! কাৰ্য্য সিদ্ধি নহ'ল দেখি, নোপোৱাঁ বুলিছোঁ নহয়? কি কেপ্কেপাই থাকাঁ।
নৰ্ত্তম।—নাপাম কিয়? এঃ, এনেয়ে আহিছে। দিয়াঁ, দিয়াঁ। নিদিলে নেৰিম জানিছা (মাধৱৰ জোলোঙাত ঠাপ মাৰি ধৰি টনা-আজোৰা লগায়; আৰু জোঁটাপুটিত দুয়ো বাগৰি পৰি চৰীয়াচৰিকৈ চিয়ঁৰ-বাখৰ লগায়)।
(এটা মোগল সৈনিকৰ প্ৰৱেশ)
সৈনিক।—হো, আল্লা! কি হৈছে তহঁতৰ? কি হৈছে, কচোন বাৰু শুনোঁ। (দুইকো জোটাপুটি ভাঙ্গি এৰুৱাই দিয়ে)।
মাধব।—ধৰাঁ, ধৰাঁ, দোছ্, এই দুষ্মনক ধৰি দুকিলমান লগাই দি ই মোগলৰ ফালৰ ধন খাই, ক্ষণ নিদিওঁ বুলি এৰি দি, বেইমানী কৰিছে।
সৈনিক।—হয় নে? অ, সেই হে আমি জিকিও হাৰিলোঁ! বেটা, বেইমান নিমখ হাৰাম! (নৰ্ত্তমক ধৰি চৰ, ভুকু ইত্যাদিৰে কিল-কীৰ্ত্তন কৰে)।
নৰ্ত্তম।—উঃ ৰাম! মৰিলোঁ, মৰিলোঁ, এৰি দে। বাৰু, হেৰ কথাওচোন শুন। উঃ উঃ—
সৈনিক।—আচ্ছা কি কবি ক, ক বেটা বেইমান, ক।
নৰ্ত্তম।—তুমি জনা নাই দোছ, সি মোক দিওঁ বোলা টকা নিদি হে গোটেই বৰ্ব্বাদ কৰিলে। মোক সি আপোনালোকে ঘুচ্ দিয়া ধনখিনি
নিদিয়াত হে ক্ষণ এৰাই গল!