৫। অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
গুৱাহাটী,⸺বৰফুকনৰ বাহৰ।
(নৰিয়া-পাটীত লাচিত, পিজলা আৰু গন্ধৰ্ব্বনাৰায়ণ)
পিজলা।— (নৰীয়াৰ শিতানৰ কাষত বহি বিছি বিছি) দেউতা! এতিয়া কেনে পাইছে? গাৰ পোৰণি অলপ এৰিছে নে?
লাচিত।—(হুঙ্কাৰ ছাৰি) হুঁ-ওঁ, কেনে পাইছোঁ?—মোৰ ৰণ কেনে চলিছে? মোগল সেনা কোন্খিনি পাইছেহি? গন্ধৰ্ব্ব কত?
গন্ধৰ্ব্ব।—আছোঁ। শত্ৰুপক্ষৰ নৌ-সেনাবাহিনীৰ ৰণতৰীবোৰ উজাই আহি আন্ধাৰু বালিৰপৰা এটা পাকৰ ভাটী পাইছেহি।
লাচিত।—কি! (উঠিবলৈ ধৰি, পৰি যায়) ইমানলৈকে উজালে। তাৰ ভাটীতে পানীফুকনে ভেটি নধৰিলে?
গন্ধৰ্ব্ব।— ধৰিছিল। শত্ৰুৰ গতিৰোধ কৰিব নোৱাৰি হুঁহকি পৰি পানীফুকন আন্ধাৰু বালিৰ পোনত ৰৈছেহি।
লাচিত।—সৰ্ব্বনাশ! পালেহিয়েই! যোৱাঁ, যোৱাঁ, এতিয়া কোন্খিনি পাইছেহি তুৰন্ত চাই আহাঁ।
গন্ধৰ্ব্ব।—ভাল, চাই আহোঁ।
(গন্ধৰ্ব্বৰ প্ৰস্থান)
পিজলা।—দেউতা, আপুনি ৰণৰ কথা লৈ উত্ৰাৱল হোৱাৰ এতিয়া সময় নহয়, গা আকৌ আচন্দ্ৰাই কৰিব।
লাচিত।—গাৰ ফালে যি হল লাগে আই, ৰণৰ কথা নাভাবি পাৰোঁ নে? ৰণৰ ভাবনা এই দেহাৰ ভাবনাতকৈ আগ।
(গন্ধৰ্ব্বৰ পুনঃ প্ৰৱেশ)
লাচিত।—( উদ্বিগ্ন হৈ ) কি বাৰ্ত্তা? কোন্খিনি পাইছেহি?