১১২৮ | লাচিত বৰফুকন |
গন্ধৰ্ব্ব।—শত্ৰুৰ ৰণতৰী কল্ কল্ কৈ উজাবই লাগিছে।
লাচিত।—(একে চিপে উঠি বহি ) কি! এতিয়াও আমাৰ পক্ষে বৰ- তোপ মাৰি শত্ৰুৰ ৰণতৰী ওফৰাই দিয়া নাই কিয়? পানীফুকনে কৰিছে কি?
গন্ধৰ্ব্ব।— বৰতোপ ফেৰ কৰি পানীফুকন সষ্টম হৈ আছে, কিন্তু গণকে এতিয়াও ক্ষণ মিলা নাই বুলি ৰাখি থৈছে।
লাচিত।— (উত্ৰাৱল) কি! ক্ষণ নিমিলাৰ বাবেই শত্ৰুক গা পোৱাইছেহি। ক্ষণ মিলিবই লাগে। গণকক কোৱাঁগৈ।
গন্ধৰ্ব্ব।— যাওঁ, ক্ষণ মিলিবই লাগে বুলি কওঁগৈ। (গন্ধৰ্ব্বৰ প্ৰস্থান।)
পিজলা।— দেউতা, বহি থাকিলে আকৌ মূৰ ঘূৰাব; এই পৰোক (লাহেকৈ ধৰি শুৱাই দিয়ে)।
লাচিত।—(চাটিফুটি) যায়! যায়! এতিয়াহে যায়! যত কৰিলোঁমনে সকলো মিছা হয় এতিয়া!
(গন্ধৰ্ব্বৰ পুনঃ প্ৰৱেশ )
লাচিত।— (উদ্বিগ্ন) মিলিল নে ক্ষণ?
গন্ধৰ্ব্ব।—নাই, গণকে নামানে আমাৰ কথা।
লাচিত।—তেন্তে কি উপায়! যায়, যায়! দেশ ৰসাতললৈ যায়! কোন্খিনি পাইছেহি? যোৱাঁ, যোৱাঁ, আকৌ যোৱাঁ—তুৰন্তে কোৱাঁহি।
গন্ধৰ্ব্ব।—চাই অহাৰ বাব নাপাই লাগি যাবলৈ আজ্ঞা পোৱা হলেই ভাল আছিল। বাৰু, যাওঁ, চাই আহোঁ।
(গন্ধৰ্ব্বৰ প্ৰস্থান।
লাচিত।—হাঁয়, ইবাৰ হে যায় গুৱাহাটী!
পিজলা।—দেউতা, বৰকৈ উতলা নহব; বিকাৰ আকৌ বেচি হবলৈ ধৰিছে।
লাচিত।—(চাটি ফুটি) কি কৰিম! কি উপায়!
পিজলা।—ভগৱন্তে কৰিব যি হয়, আপুনি স্থিৰ হওক।