পৃষ্ঠা:লাচিত বৰফুকন.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৬
লাচিত বৰফুকন।

 ৰামসিংহ।—আচ্ছা সেয়ে হব; প্ৰথমেই চৰিপ্খাঁই অকলে নৌবাহিনী ৰণবলেৰে উজাই আগ বাঢ়িব; পাচত মই শিবিৰৰপৰা সময়মতে ৰণবলৰ যোগান দি থাকিম।

 অজিত।— (স্বগতঃ) হওক, ছেগ ধৰা বেয়া নহল। বৰসেনাপতি যোৱা হলে, এইবাৰেই অন্ত পেলালেগৈহেঁতেন! অহঃ! লাচিত বৰফুকনকৰ নৰিয়া। হাঁয়, অসমৰ কি দুৰ্ভাগ্য!! কি যে বিধি-বিড়ম্বনা!!!

 চৰিপ্।—ভাল, তেনেহলে সেই মতেই মই প্ৰস্তুত হওঁগৈ। পলম কৰাৰ সকাম নাই।

  ৰামসিংহ।—আচ্ছা, যোৱাঁ, সষ্টম হোৱাঁগৈ। ৰঘুনাথ আৰু নচৰৎ! তোমালোকো এতিয়া যোৱাঁ, কিৰাতবৰ্ত্তিয়া আৰু বইৰামদেও ইবিলাকৰে লগ লাগি যথা সময়ত মোৰ আদেশ আৰু উপদেশ লবাহিহঁক। ময়ো যাওঁ,অজিত! আহাঁ।

(সকলোৰে প্ৰস্থান।)

 অজিত।—বহুত আচ্ছা, হুজুৰ! (স্বগতঃ) অহঃ! অসমৰ অসম মহাবীৰ বিচক্ষণীয়া ৰণপণ্ডিত বৰসেনাপতি লাচিত বৰফুকনৰ আসন্ন সাময়িক নৰিয়া: বিষম সমস্য!! অদ্ভুত বিভ্ৰাট!!!

(ৰামসিংহৰ পিচ-ধৰি প্ৰস্থান)।

 

চতুৰ্থ অঙ্কপাত।
জিৰণি-পটক্ষেপণ।