পেলন চাৰিঙ্গীয়া ফুকন, ৰংমহলৰপৰা কানাই-বৰশীবোৱা শিললৈকে ধলা গোহাঞি ৰাজখোৱা; চাহবুৰজত ৰূপ সন্দিকৈ; কুৰুৱাত বৰপাত্ৰগোহাঞি ডাঙৰীয়া। এই নিৰ্ব্বাচন মতে বিষয়া-বিভাগ হৈ ঠায়ে ঠায়ে কোঁঠ পাতিব আৰু প্ৰতি বাৰ বেওঁৱে একোটা বৰতোপ বহুৱাব।
বুঢ়াগোহাঞি।—কোনো কথা নাই; মোৰ জিম্মাত পৰাখিনিত বৰসেনাপতিৰ দিহাকৰণ পৰিপাটিকৈ পালন কৰোৱা যাব।
লাচিত।— (পানীফুকনৰ প্ৰতি) তৃতীয় ভাগত, ব্ৰহ্মপুত্ৰৰ পানীৰ ভাগত,উত্তৰ পাৰে দিহিঙ্গীয়া ৰাজখোৱা আৰু বুঢ়াগোহাঞি ফুকন; দক্ষিণ পাৰে টঙ্গচু ৰাজখোৱা আৰু কলষ্ণু নেওগে ৰণতৰীৰ গতি-বিধিৰ ওপৰত লক্ষ্য ৰাখিব; আৰু তোমাক এই বিভাগত অধ্যক্ষ পতা হল।
পানীফুকন।—ডাঙৰীয়াৰ আজ্ঞা শিৰোধাৰ্য্য়। এই দিহাকৰণ প্ৰাণপণে পালন কৰা হব। দেহত এই প্ৰাণ থাকেমানে মোগলে পানীয়ে দি বাট নাপায়।
লাচিত।—চতুৰ্থ ভাগত, মই নিজে গন্ধৰ্ব্বনাৰায়ণৰে সৈতে ইটাখুলীৰ নামনিত ৰৈ, তাৰপৰা সকলোৰে কাৰ্য্যৰ ওপৰত দৃষ্টি ৰাখিম।
বুঢ়াগোহাঞি।—অতি উত্তম দিহকৰণ হৈছে। এই দিহা নিয়াৰিকৈ পালন কৰিব পাৰিলেই যে আমাৰ জয়লাভ হব তাত সন্দেহ নাই।
লাচিত।—এইবোৰৰ আটাইতকৈ আগেয়ে, এতিয়া ভাবিব লগীয়া কথা হৈছে যে, কাইলৈ পুৱাতে মোগলৰ অশ্বাৰোহী আৰু পদাতিক দুইবিধ সৈন্যেৰে দুজন সেনাপতিয়ে অগয়াঠুঁটিৰপৰা বামে গুৱাহাটীলৈ এটা চোঁচা লব; আৰু তাৰ ওপৰতে গুৱাহাটী যোৱা থকাই ঘাইকৈ নিৰ্ভৰ কৰিছে। সেই কাৰণে, সেই আগন্তুক আক্ৰমণ আদ্বাটতে ওফৰাবৰ অৰ্থে, মাজবাটতে আমাৰ এটা গড় বন্ধোৱাৰ অত্যন্ত আৱশ্য়ক হৈছে। সেই গড় আৰু গড় খাৱৈ আজি ৰাতিৰ ভিতৰতে হৈ নুঠিলেই নহয়। (মোমাইদেৱাকৰ প্ৰতি) সেই কাৰ্য্যৰ ভাৰ আমাৰ মোমাইদেউৰ গাতে দিয়া হল। কিন্তু মনত ৰাখিব,
ৰাতি নৌ পুৱাওঁতেই গড় ওলাব লাগে; নহলে সৰ্ব্বনাশ !