পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১২
লাচিত বৰফুকন।

 মোমাই।—ভাল, ভাৰ পৰিছে যেতিয়া লবই লাগিব, কৰিবই লাগিব।

 লাচিত।—মোগলৰ আগন্তুক আক্ৰমণ ওফৰাবৰ অৰ্থে এয়ে আমাৰ আগলি দিহাকৰণ। ইয়াৰ যেন ব্যতিক্ৰম নঘটে; আৰু সেই দিহা প্ৰত্যেকে মনত ৰাখি যেন এতিয়া নিজ নিজ কৰ্ত্তব্যত মনোযোগ দিয়েগৈ।

 পানীফুকন।—যাওঁ, নিজ কৰ্ত্তব্যলৈ সাজু হওঁগৈ। কিন্তু, বৰসেনাপতি ডাঙৰীয়াৰ দিহা মতে আজিৰ ৰাতিৰ ভিতৰতে আগীয়াঠুঁটি আৰু গুৱাহাটীৰ মাজত গড়টো হৈ নুঠেগৈ যদি হে সকলো ভ্ৰষ্ট! তেনেহলে আমি বাকীবিলাকে নিজ নিজ কৰ্ত্তব্যত অগ্ৰসৰ হোৱাৰপৰা বিশেষ ফল নধৰিব। কিয়নো, এই দিহাকৰণ গুৱাহাটী ৰক্ষাৰ নিমিত্তে হে।

 লাচিত।—স্বৰূপ কৈছাঁ, এই দিহাকৰণ গুৱাহাটী ৰক্ষাৰ নিমিত্তে হে। ৰাতিৰ ভিতৰত গড় হৈ নুঠিলে কিন্তু সকলো পণ্ড! গতিকে, এই কাৰ্য্যৰ ওপৰত মোৰ চোকা দৃষ্টি থাকিব। ৰাতিৰ ভিতৰত গড় উলিয়াবই লাগিব। এতিয়া আৰু পলম কৰাৰ সকাম নাই, সকলোৱে নিজৰ নিজৰ কৰ্ত্তব্যত ধৰিবগৈ হে লাগে।

 সকলোৱে।—জয় স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়!

(সকলোৰে দিহাদিহি প্ৰস্থান)

 

তৃতীয় গৰ্ভাঙ্ক।

গুৱাহাটী,⸺কামাখ্যা দেৱালয়ৰ সমূখ।

(মাধৱচৰণ আৰু নৰ্ত্তম গণক)

 মাধৱ।—আজিচোন তল-ওপৰ। আটাইবিলাক উৰুলীকৃত!⸺এ ৰাম! যোৱা গৈছে, অহা আহিছে,—যেন লানিনিছিগা পৰুৱা হে! হৈছে কি?