পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১০
লাচিত বৰফুকন।

ইতিমধ্যত দিল্লীৰপৰা মোগলৰ বহুসংখ্যক সৈন্য চৰিপখাঁ নামেৰে সেনাপতিৰ নেতৃত্বত আহি ৰামসিংহৰ সৈন্যবলৰ লগত যোগ হৈছে। গতিকে, শত্ৰুপক্ষ এই কোবত সৈন্যবলেৰে আকৌ আগৰ দৰে টনকিয়াল হৈ উঠিছে; মই বুজিব পাৰিছোঁ, সিবিলাকৰ আয়োজন এইবাৰ বিশেষ। এতেকে, আমিও সেই অনুপাতে সাজু হোৱা উচিত।

 বুঢ়াগোহাঞি।— নিতান্ত উচিত।

 লাচিত।—ভাল, (দিহাকৰণ-কাকত পঢ়ি):—এতিয়া আমাৰ ৰণৰ ঘাইকৈ চাৰি ভাগে ভগাই কাৰ্য্যক্ষেত্ৰত আমি অটলভাৱে নামিবগৈ লাগে যেনে, প্ৰথম ভাগত, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে,—অমৰাজুৰিৰপৰা পাণ্ডুলৈকে আপুনি স্বয়ং; ৰ্খহোৱা বুৰজৰপৰা কামাখ্যাৰ পছিম খট্‌খটীলৈকে দৈয়ঙ্গীয় ৰাজখোৱা; দুৱাৰগৰিলাত লাটুম বৰুৱা; পাৰঘোপাৰপৰা ধেনুখিৰোৱালৈকে বাৰুকিয়াল বৰগোহাঞি; গোটা আলিৰপৰা অসূৰৰ আলিৰ মূৰলৈকে নেওগ হাজৰিকা; অসূৰৰ আলিত কমলাবৰীয়া গোহাঞি; অসূৰৰ আলিৰ দক্ষিণ পৰ্ব্বতত মৰঙ্গিখোৱা বৰচেটীয়া; উষাহৰণ পৰ্ব্বতত জাতিচন্দন গোহাঞি; ওভোতাশিমলুৰ বাটত চক্ৰপাণি ৰাজখোৱা। এই অনুক্ৰমে সসৈন্যে কৰ্ম্মচাৰী নিয়োজিত হৈ, প্ৰতি বাৰবেওঁৱে একোটা বৰতোপ পতা হব লাগে।

 বৰগোহাঞি।—ভাল, এই দিহা মতে নিজে চলিবলৈ আৰু আনকো চলাবলৈ প্ৰাণপণে যত্ন কৰা হব।

 লাচিত।— (দিহাকৰণ-আঁচনি পঢ়ি) দ্বিতীয় ভাগত, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে, বুঢ়াগোহাঞি ডাঙৰীয়াই এই অনুক্ৰমে দিহা লগাবঃ— যেনে জুৰিয়াৰপৰা শৰাইঘাটলৈকে সেন গোহাঞি ৰাজখোৱা , শৰাইঘাটত মাজিউ অভয়পুৰীয়া ৰাজখোৱা; কেকুৰিৰপৰা লঠিয়ালৈকে সৰু অভয়পুৰীয়া ৰাজখোৱা; লঠিয় পৰ্ব্বতত ডাঙৰীয়া স্বয়ং; লঠিয়াৰপৰা চিলাপৰ্ব্বতলৈকে মিৰি সন্দিকৈ ফুকন; সেন্দুৰীঘোপাৰপৰা খাৰঘৰীয়া আলিলৈকে দিহিঙ্গীয়া ৰাজখোৱা; ৰংমহলত