পৃষ্ঠা:লাচিত বৰফুকন.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৯
লাচিত বৰফুকন।

 বৰগোহাঞি |—তাত সন্দেহ নাই। কিয়নো, সন্ধিৰ প্ৰস্তাৱ সিপক্ষৰপৰা আগধৰি উঠিছে যেতিয়া, সিপক্ষ নিশ্চয় টানত পৰিছে।

 উদয়।—এনে অৱস্থাত সন্ধিৰ প্ৰস্তাব গ্ৰহণ কৰা বাঞ্ছনীয় নহয়। এতেকে, বৰফুকনলৈ তুৰন্তে সংবাদ যাব লাগে যে, সদ্যহতে ৰণ চলি থাওক, আমি সন্ধিৰ প্ৰস্তাব বিবেচনাৰ ভিতৰত লৈছোঁ।

 খাঃ ফুকন।—অতি উত্তম সিদ্ধান্ত।

 উদয়।— কিন্তু, বৰফুকনে ইয়াকো কৈছে যে, শত্ৰুপক্ষৰ নতুন ৰণবলৰ যোগান অলপতে আহি পোৱাৰ সম্ভাৱনা দেখা গৈছে। এতেকে, আমাৰ বোধেৰে, আমাৰে নতুন ৰণবলৰ যোগান যোৱা বিধেয়। আগৰ দিহা মতে বৰগোহাঞি ডাঙৰীয়া অনতিপলমে সসৈন্য়ে গুৱাহাটীলৈ যাত্ৰা কৰিব লাগে। ইফালে খাৰ-গুলী, অস্ত্ৰ-শস্ত্ৰ আদি আগতকৈও বহুল আয়োজনেৰে প্ৰস্তুত হৈ থাওক। বৰবৰুৱাৰ গাত নগৰ ৰক্ষাৰ আৰু খাৰঘৰীয়া ফুকনৰ গাত খাৰ- গুলী যোগানৰ ভাৰ থাকিল। যোৱাহঁক, নিজ নিজ কৰ্ত্তব্যত ধৰাঁগৈ।

(সকলোৰে প্ৰস্থান)

দ্বিতীয় গৰ্ভাঙ্ক।

গুৱাহাটী,—আহোম-কোঁঠ।

(লাচিত, বুঢ়াগোহাঞি ডাঙৰীয়া, পানীফুকন, ৰাজখোৱা, গন্ধৰ্ব্বনাৰায়ণ, চন্দ্ৰনাৰায়ণ, মাধৱচৰণ)

 লাচিত।—বাঁহবাৰী, কাঁজলীমুখ, পাণ্ডু, মনাহামুখ, আগীয়াঠুঁটি, চিতামাৰি, দৰং এই সকলোপিনে ঘাটি মোগল সেনাই এতিয়া মৰোঁজীওঁকৈ গুৱাহাটী আক্ৰমণ কৰিবৰ অভিপ্ৰায়ে আগয়াঠুঁটিৰ উত্তৰ-পছিমত থুপ্ খাইছেহি।