৪। অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
গড়গাওঁ,—ৰজাৰ বৰচৰা।
( উদয়াদিত্য, বৰগোহাঞি বৰবৰুৱা, খাৰঘৰীয়া ফুকন)
উদয়।—মোগলৰ লগত আমাৰ যি মহাৰণ এতিয়া চলিব লাগিছে, তাৰ মূলত আমাৰ পূৰ্ব্ববৰ্ত্তী চলা-জনা স্বৰ্গদেৱ আছিল; দুখৰ বিষয়, সেই ৰণৰ সামৰণি দেখিবলৈ নৌ পাওঁতেই ত’ত নিজৰ জীৱন-লীলা সামৰি স্বৰ্গযাত্ৰা কৰিব লগীয়া হল! পুৰ্ব্বাপৰ প্ৰচলিত ৰীতি অনুসৰি, আমি আহোম ৰাজপাটত উঠি অসম ৰাজ্য শাসন আৰু অসমীয়া প্ৰজা পালন কৰিব লগাত পৰিছোঁ; আৰু আমি সেই গুৰুতৰ কাৰ্য্যৰ ভাৰ গ্ৰহণ কৰিয়েই ইতিপুৰ্ব্বৰ পৰা চলি থকা মহাৰণ চলাব লগাত পৰিছোঁ। এই ৰণৰ সামৰণি চলা জনা ৰজাদেৱে কি দৰে মাৰিলেহেঁতেন, সেইটো অৱশ্যে কব নোৱাৰি, তথাপি এই ৰণত সম্পূৰ্ণ জয় লাভেই যে তেৰাৰ লক্ষ্য আছিল তাত সন্দেহ নাই। এতেকে, আমিও সেই লক্ষ্যকে স্থিৰ কৰি ধৰা হে যুগুত।
বৰগোহাঞি ডাঃ।— ইয়াত আৰু দ্বিধামত কি হব পাৰে?
উদয়।— কিন্তু, বৰফুকনে বাৰ্ত্তা দিছে যে, মোগলৰ ঘাই সেনাপতি ৰামসিংহই সন্ধিৰ প্ৰস্তাব তুলিছে; আমাৰপৰা তেওঁ সেই বিষয়ে আদেশ আৰু উপদেশ পাবলৈ বাট চাই আছে।
বৰবৰুৱা |—আমাৰ জিতত প্ৰস্তাব ৰাখি সন্ধি কৰিব পাৰিলে, বোধ কৰোঁ বেয়া নহয়; তেনেহলে দেশত সোনকালে শান্তি স্থাপিত হব।
খাৰঘৰীয়া ফুকন।—মোৰ বোধেৰে হলে, শত্ৰুপক্ষ দুৰ্ব্বল হৈ পৰিব পায়, কিয়নো যোৱা কেইখন ৰণত বিপক্ষৰ সৈন্য় আৰু খাৰ-গুলী আদি ৰণবল
বিস্তৰ ক্ষয় হৈছে। সেই কাৰণে হে, সম্ভৱতঃ, সন্ধিৰ প্ৰস্তাব উঠিছে।